28 C
Guwahati
Thursday, September 29, 2022
More

    আলিংগন থেৰাপী! টকা দি হ’লেও দীঘলীয়া শাৰী পাতে লোকগৰাকীক এবাৰ আলিংগন কৰিবৰ বাবে

    আলিংগন থেৰাপী! টকা দি হ’লেও দীঘলীয়া শাৰী পাতে লোকগৰাকীক এবাৰ আলিংগন কৰিবৰ বাবে

    সহানুভূতি দিয়াৰ বাবে বহুতেই বহুতকেই আলিংগন কৰা দেখা যায় । বা কেতিয়াবা মৰমতে ইজনে সিজনক সাৱটি ধৰে। কিন্তু জানেনে এগৰাকী লোকে এই আলিংগন কৰাকেই নিজৰ পেছা কৰি লৈছে।

    সিমানেই নহয়, লোকগৰাকীক আলিংগন কৰাৰ বাবে দীঘলীয়া শাৰীও পাতে বহু লোকে। টকা দি হলেও এবাৰ আলিংগন কৰিব বিচাৰে লোকগৰাকীক। যাৰ জৰিয়তেই এতিয়া লোকগৰাকীয়ে উপাৰ্জন কৰি আছে বহু টকা।

    লোকগৰাকীয়ে নিজকে পেছাদাৰী আলিংগন কৰা লোক বুলিয়েই পৰিচয় দিয়ে সকলোকে। লোকগৰাকীৰ নাম ট্ৰেভ’ৰ হুট’ন (Trevor Hooton). ৩০ বৰ্ষীয়া ট্ৰেভ’ৰে এবাৰত প্ৰতিঘণ্টা হিচাপত আলিংগন কৰাৰ বাবে ৭০০০ টকা লয়।

    এই আলিংগন কৰা কাৰ্যক ট্ৰেভ’ৰে আলিংগন থেৰাপী বুলি কয়। কানাডাৰ ট্ৰেভ’ৰ হুট’নে লণ্ডনত নিজাকৈ চেম্বাৰো খুলি লৈছে এই আলিংগন থেৰাপীৰ বাবে। ট্ৰেভ’ৰে কয় যে, এই থেৰাপীৰ শেষত লোক সকলৰ মনত সাহস বাঢ়ে, মনোবল বৃদ্ধি পায়, সুৰক্ষিত অনুভৱ কৰে আৰু দুখ কষ্ট হ্ৰাস হয়।

    প্ৰথমবাৰ ট্ৰেভ’ৰৰ চেম্বাৰলৈ অহা লোকে কিছু অসহজ অনুভৱ কৰে। কিন্তু এবাৰ অহা লোকে বাৰে বাৰে আহিবলৈ বিচাৰে ট্ৰেভ’ৰৰ ওচৰলৈ। যাৰ বাবেই কেতিয়াবা লোক সকলে দীঘলীয়া শাৰী পাতিব লগা হয় বুলি কয় ট্ৰেভ’ৰে।

    অৱশ্যে একাংশই ট্ৰেভ’ৰৰ এই কাৰ্যক অশ্লীল আখ্যাও দিছে। যাৰ বাবে ট্ৰেভ’ৰে সেই সকল লোককো এবাৰলৈ হলেও ট্ৰেভ’ৰৰ চেম্বাৰলৈ আহি যাবলৈ অনুৰোধ জনাইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং