25.7 C
Guwahati
Wednesday, October 13, 2021
More

    নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে অধ্যাপক জগদীশ মুখীয়ে

    অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। নাগালেণ্ড ৰাজ ভৱনৰ ড০ ইমকংলিবা আও হলত শপত লয় মুখীয়ে।

    শপত্ গ্ৰহণ অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ লগতে উপ-মুখ্যমন্ত্ৰী ৱাই পেটন, বিধায়ক আৰু ৰাজ্যখনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

    আৰ এন ৰবিক বদলি কৰাৰ পিছত জগদীশ মুখীয়ে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত লয়।

    ‘নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত লোৱাৰ বাবে অধ্যাপক জগদীশ মুখীক অভিনন্দন জনাইছো। ৰাজ্যখনৰ জনসাধাৰণৰ হৈ মই আপোনাক উষ্ম আদৰণি জনাইছো। মই আপোনাক আপোনাৰ নতুন দায়িত্বৰ বাবে আৰু আগন্তুক বছৰবোৰৰ বাবে শুভকামনা জনাইছো’, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয়।

    উল্লেখ্য যে জগদীশ মুখীয়ে অসমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

    ইয়াৰ পূৰ্বে, আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে অপসাৰণ কৰা হৈছিল আৰু তামিলনাডুলৈ বদলি কৰা হৈছিল।

    চলিত নাগা শান্তি আলোচনাত এন এছ চি এন-আই এমৰ সৈতে হোৱা মতভেদৰ বাবেই ৰবিক অপসাৰণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

    আৰু পঢ়ক : তালিবান চৰকাৰক মোক্ষম আঘাত; IMF-ৰ পৰা দেশখনে নাপাব কোনো সহায়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং