32 C
Guwahati
Wednesday, September 22, 2021
More

    ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী! তেজপুৰত বিশাল জনসভাত সম্বোধন কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে…

    ৰাহুল গান্ধীয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ হৈ প্ৰচাই চলাই যোৱাৰ পিছতে এইবাৰ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ২৪ ফেব্ৰুৱাৰীত নেত্ৰীগৰাকীয়ে তেজপুৰত কংগ্ৰেছৰ হৈ বিশাল জনসভা সম্বোধন কৰিব।

    প্ৰিয়ংকা গান্ধীক আদৰিবলৈ তেজপুৰত কংগ্ৰেছ দলে বিশাল জনসভাৰ আয়োজন কৰিছে। উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত বৰাক, উত্তৰ অসম আৰু উজনি অসমত মুঠ ৩খন বিশাল সভাৰ আয়োজন কৰিছে কংগ্ৰেছে। ইয়াৰে প্ৰথম তথা উজনি অসমৰ সভাখন ইতিমধ্যে ৰাহুল গান্ধীৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত হৈ গৈছে।

    উল্লেখ্য যে, দ্বিতীয়খন সভাৰ অংশস্বৰূপে তেজপুৰত ৰেলীত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানক ‘অসম বচাওঁ আহক” নাম দিছে। এই যাত্ৰাৰ জৰিয়তে দলটোৱে নাগৰিক, বে-চৰকাৰী সংস্থা আদিৰ সৈতে মত বিনিময় কৰি পৰামৰ্শ গ্ৰহণ কৰিছে। ইফালে এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইস্তাহাৰৰ বাবেও ”অসম বচাওঁ আহক” অভিযানৰ জৰিয়তে পৰামৰ্শ বিচাৰিছে।

    আৰু পঢ়ক : হোজাইত চাঞ্চল্যকৰ চুৰিকাণ্ড! লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং