33 C
Guwahati
Friday, August 5, 2022
More

    ৫ হাজাৰৰ এটা কাপ, ৬ হাজাৰৰ প্লেট , প্ৰিয়ংকাৰ নতুন হোমৱেৰত আৰু কি কি …

    ৫ হাজাৰৰ এটা কাপ, ৬ হাজাৰৰ প্লেট , প্ৰিয়ংকাৰ নতুন হোমৱেৰত আৰু কি কি …

    বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চৌপ্ৰাৰৰ নাম বহু সময়ত চৰ্চাৰ বিষয় হৈ উঠে।

    কিবা নহয় কিবা কাৰণত অভিনেত্ৰী গৰাকীয়ে বাতৰিৰ শিৰোনামা দখল কৰে। কিন্তু এইবাৰ এক বিশেষ কাৰণত চৰ্চাত আছে প্ৰিয়ংকা চৌপ্ৰা ।

    দৰাচলতে অভিনেত্ৰী গৰাকীয়ে অলপতে তেওঁৰ নতুন ব্যৱসায় আৰম্ভ কৰিছে। ৰেষ্টুৰেণ্টৰ পিছত এইবাৰ হোমৱেৰ ব্ৰেণ্ডটো মুকলি কৰিছে। তাত থকা বস্তুৰ দাম শুনি সকলোৱে আচৰিত হৈছে। দেশী গাৰ্লৰ নতুন কোম্পানীতোৰ নাম সোণৰ হোম। য’ত সামগ্ৰীৰ মূল্যই মূৰত ধৰিব আপোনাৰ। হোমৱেৰ ব্ৰেণ্ডটোত থকা এটা কাপৰ দাম ৫,০০০ টকা।

    ব্ৰেণ্ড টোত থকা এখন প্লেটৰ দাম ৬,০০০ টকা।

    কেৱল এয়াই নহয় প্ৰিয়ংকাৰ হোমৱেৰৰ পৰা যদি আপুনি এখন ডাইনিং কভাৰ কিনিবলৈ যায় তেনেহলে আপুনি ৩০,০০০ টকা খৰচ কৰিব লাগিব।

    অভিনেত্ৰী গৰাকীৰ হোমৱেৰ বেণ্ডটোৰ কথা গম পোৱাৰ পিছত এতিয়া সকলোৱে তেওঁক ট্ৰল ও কৰিছে।

    সকলোৱে মাত্ৰ এটা প্রশ্নই কৰিছে যে ইমান সৰু সৰু বস্তুৰ দাম ইমান বেছি কিয়?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং