মাতৃৰ ঘৰত কন্যাৰ সৈতে প্ৰিয়ংকা, কাষত পিতৃ নিক, ফটো শ্বেয়াৰ কৰাত বহুতেই ক’লে কন্যা দেখাত সাইলাখ নিক

0
31695

মাতৃৰ ঘৰত কন্যাৰ সৈতে প্ৰিয়ংকা, কাষত পিতৃ নিক, ফটো শ্বেয়াৰ কৰাত বহুতেই ক’লে কন্যা দেখাত সাইলাখ নিক

ভাৰতত মাকৰ ঘৰত ঘুৰি ফুৰি লছ এঞ্জেলছৰ ঘৰলৈ প্ৰিয়ংকা। ঘৰলৈ উভতিয়ে কন্যা মালতী মেৰীৰ সৈতে ফটো শ্বেয়াৰ মাতৃ প্ৰিয়ংকাৰ। কাষত পিতৃ নিক।

যি ফটো শ্বেয়াৰ কৰাৰ পাছতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহু অনুৰাগীয়ে বিভিন্ন ধৰণে কমেণ্ট কৰিছে সেই ফটোত। কোনোৱে যদি ব্যংগাত্মক ভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিছে কোনোৱে প্ৰিয়ংকাৰ কন্যাৰ ওপৰত কমেণ্ট কৰিছে।

অৱশ্যে এই ফটোখনতো মালতী মেৰীৰ চেহেৰা দেখিবলৈ পোৱা নাই। তথাপি মালতীৰ অৱয়ব দেখি বহু অনুৰাগীয়ে কৈছে ইমান বগা। সাইলাখ পিতৃ নিক। নিক জোনাছৰ সৰু কালৰ ফটোৰ সৈতে মিল আছে কন্যা মালতী মেৰীৰ।

কিছুমান মানুহে ধেমেলীয়া মন্তব্যও কৰিছে। এজনে লিখিছে, “মই ভাবিছিলো যে এয়া একেলগে চেইফ আলী খান”। আন এটা মন্তব্য হৈছে, নিক একেবাৰে ভাৰতীয় পিতৃৰ দৰে।

উল্লেখ্য যে, সদ্যহতে প্ৰিয়ংকা চোপ্ৰাই ৩ বছৰৰ অন্তত ভাৰতলৈ আহিছিল। অৱশ্যে সেই সময়ত প্ৰিয়ংকাৰ লগত কন্যা মালতী নাছিল। ২ নৱেম্বৰত ভাৰতত উপস্থিত হৈ কেইদিনমান মাতৃৰ গৃহত সময় অতিবাহিত কৰাৰ লগতে নিজৰো কাম কৰি উভতিছিল।