16 C
Guwahati
Friday, December 3, 2021
More

    বিবাহ বিচ্ছেদৰ দিশে নেকি প্ৰিয়ংকা-নিক? জোনাছ উপাধি গুচাই দিলে প্ৰিয়ংকাই, লগতে দিলে বিশেষ মন্তব্য

    বিবাহ বিচ্ছেদৰ দিশে নেকি প্ৰিয়ংকা-নিক? জোনাছ উপাধি গুচাই দিলে প্ৰিয়ংকাই, লগতে দিলে বিশেষ মন্তব্য

    বিবাহ বিচ্ছেদৰ দিশে নেকি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছ ? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বাৰ্তা। অতি শীঘ্ৰে বিবাহ বিচ্ছেদ হব পাৰে দুয়ো স্বামী স্ত্ৰীৰ।

    কিয়নো প্ৰিয়ংকা চোপ্ৰাই বিবাহৰ পিছৰে পৰা নিজৰ নামৰ লগত নিক জোনাছৰ নাম ব্যৱহাৰ কৰিছিল। পিছে ২২ নৱেম্বৰ সোমবাৰে নিজৰ নামৰ পৰা স্বামী নিক জোনাছৰ নাম গুচাই দিলে প্ৰিয়ংকাই।

    ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা অভিনেত্ৰীগৰাকীয়ে স্বামীৰ নাম গুচাই দিয়ে। যাৰ পিছৰে পৰা অনুৰাগী সকলৰ মাজত কথাৰ গুজৱ চলিছে। বিবাহ বিচ্ছেদ হবলৈ গৈ আছে দুয়োৰে।

    অৱশ্যে এই ক্ষেত্ৰত মন কৰিবলগীয়া যে প্ৰিয়ংকাই ইনষ্টাগ্ৰামৰ পৰা কেৱল নিক জোনাছৰ নামেই গুচাই দিয়া নাই, লগতে নিজৰ চোপ্ৰা উপাধিয়ো গুচাই দিছিল।

    এই সকলো উৰাবাতৰি আৰু গুজৱৰ শেষত আহিল প্ৰিয়ংকাৰ ফালৰ পৰা মন্তব্য। নিজৰ একাউণ্টৰ পৰা নিকৰ নাম গুচালেও নিকে ব্যামাগাৰৰ পৰা আপলোড কৰা এখন ফটোত প্ৰিয়ংকাৰ মন্তব্য- মই কেৱল তোমাৰ দুবাহুত মৰিব বিচাৰো।

    ইয়াতেই প্ৰমাণ হয়, প্ৰিয়ংকা আৰু নিকৰ মাজত সকলো ঠিকেই আছে। প্ৰিয়ংকাই কেৱল নামটোহে গুচাইছে প্ৰেম এতিয়াও আছে। উল্লেখ্য যে, ২০১৮ চনত নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ হৈছিল।

    আৰু পঢ়ক : তেখেত যোৱা এটা বছৰেই হ’ল- আজিয়ো সেমেকি উঠে চকুহাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং