ভাৰতীয় ছবিজগতৰ অন্যতম সফল অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰা মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হয়। স্বামী নিক জোনাছ আৰু প্ৰিয়ংকাই ইনষ্টাগ্ৰাম যোগে এক পষ্ট দি এই সুখবৰ সকলোকে দিয়ে।
ছাৰোগেচী পদ্ধতিৰে সন্তান লাভ কৰা বুলি সদৰি কৰে জোনাছ দম্পতিহালে। অৱশ্যে এই বিষয়ে সদৰি কৰা নাই যে সন্তানটো পুত্ৰ সন্তান নে কন্যা সন্তান।এই সুখবৰ পোৱাৰ লগে লগে বহু অনুৰাগীয়ে শুভেচ্ছা বাৰ্তা দিছে তাৰকা যুটিটোক।

প্ৰিয়ংকা আৰু নিকে এই বিষয়ে সদৰি কৰি লিখে যে, ‘আমি জনাবলৈ পাই সুখি হৈছো যে, ছাৰোগেচী পদ্ধতিৰে আমি এক সন্তানক স্বাগতম জনাইছো। আমি এই বিশেষ মুহূৰ্তৰ সময়খিনিত আমাক অলপ নিজাকৈ সময় দিয়ক, যাতে আমি আমাৰ পৰিয়ালত সময় দিব পাৰো। বহুত বহুত ধন্যবাদ।’

উল্লেখ্য যে, ২০১৮ চনত নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰিয়ংকা চোপ্ৰা। ৰাজস্থানত বিয়াৰ অনুষ্ঠান সমূহ অনুষ্ঠিত হৈছিল।
আৰু পঢ়ক : কেনে যাব আজি ২২ জানুৱাৰী দিনটো- মনত ৰাখিব খং নামেই চণ্ডাল, সংযম কৰিব পাৰিলে ভাল ফল