বহু বছৰ ধৰি কাৰাবন্দী হৈ থকা দুৰ্ধৰ্ষ অপৰাধী ভাস্কৰজ্যোতি নাথৰ পলায়ন

0
11287

তেজপুৰত প্ৰকৃততে হৈছে কি! আৰক্ষীৰে গিজ গিজাই থকা অৱস্থাতে পথচাৰীক যদি মহতিয়াই নিছে  দ্ৰুতবেগী ট্ৰাকে আনফালে আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰা পলায়ন কৰিছে দুৰ্ধৰ্ষ অপৰাধীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰাই আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছে ভাস্কৰ নাথ নামৰ দুৰ্ধৰ্ষ অপৰাধী জন।

বহু কেইটা অপৰাধ সংঘটিত কৰা ভাস্কৰজ্যোতি নাথ কেইবা বছৰ ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল। কিন্তু কিছু দিন পূৰ্বে তেজপুৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা আন এজন কয়দীক প্ৰহাৰ কৰাৰ অপৰাধত শাস্তিমূলকভাৱে বদলি কৰিছিল বিশ্বনাথৰ কেন্দ্ৰীয় কৰাগাৰলৈ।

সোমবাৰে তেজপুৰ আদালতলৈ আনি হাজিৰ কৰি পুনৰ বিশ্বনাথলৈ লৈ যোৱাৰ সময়তে ৰাবাৰ বাগান তিনিআলিত শাৰীৰিক অসুস্থতাৰ দোহাই দি সেই স্থানৰ পৰায়ে পলায়ন কৰে।

বিভিন্ন অপৰাধ সংঘটিত কৰা দুৰ্ধৰ্ষ অপৰাধী ভাস্কৰক মাত্ৰ দুজন আৰক্ষীৰ লোকৰ লগত এনেদৰে লৈ অনাটো প্ৰকৃততে কিমান যুক্তি সংগত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন লোকে।

ইনপুট : লক্ষ্য জ্যোতি নাথ