সেই বিশেষ গাঁওখন, যি গাঁও হৈ স্বৰ্গ পাইছিল পাণ্ডৱ, কাইলৈ প্ৰধানমন্ত্ৰী মোদী যাব সেই গাঁওলৈ

0
95

সেই বিশেষ গাঁওখন, যি গাঁও হৈ স্বৰ্গ পাইছিল পাণ্ডৱ, কাইলৈ প্ৰধানমন্ত্ৰী মোদী যাব সেই গাঁওলৈ

দেশৰ এখন বিশেষ গাঁও যি গাঁৱৰ বিশেষত্ব বিশেষতকৈও বিশেষ। দেশৰ শেষৰখন গাঁও হিচাপে মান্যতা থকা এই গাঁওখন হৈয়ে স্বৰ্গলৈ বুলি যাত্ৰা কৰিছিল পাণ্ডৱে।

এই বিশেষ গাঁওখন উত্তৰাখণ্ডত অৱস্থিত। সমতলৰ পৰা ই প্ৰায় ৩২১৯ মিটাৰ উচ্চতাত অৱস্থিত। গাঁওখন হিমালয়ৰ পাহাৰেৰে আগুৰি আছে।

মানা হৈছে হিমালয়ৰ ভাৰত আৰু তিব্বত/চীনৰ সীমাৰ পৰা এখন অন্তিম ভাৰতীয় গাঁও। ই উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত। ইয়াক উত্তৰাখণ্ড চৰকাৰে “পৰ্যটন গাওঁ” হিচাপে মনোনীত কৰিছে।

বদ্ৰীনাথৰ ওচৰৰ মানা গাঁও হৈছে সৰ্বশ্ৰেষ্ঠ পৰ্যটকৰ আকৰ্ষণ, ই বদ্ৰীনাথ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত। সৰস্বতী নদীৰ পাৰত আছে এই সুন্দৰ তথা বিশেষ গাওঁখন ।

হিন্দু পৌৰাণিক কাহিনী অনুসাৰে বিশ্বাস কৰা হয় যে পাণ্ডৱসকলে স্বৰ্গলৈ যাত্ৰা কৰোতে এই গাঁওখনৰ মাজেৰে গৈছিল। পাঁচজন ভাতৃৰ ভিতৰত আটাইতকৈ শক্তিশালী ভীমে সৰস্বতী নদী পাৰ হ’বলৈ এখন শিলৰ দলঙো নিৰ্মাণ কৰিছিল গাঁওখনত, যি আজিয়ো আছে।

তদুপৰি, ব্যাস গুহা নামৰ এটা সৰু গুহাও এই গাঁৱৰ বিশেষ আকৰ্ষণ। বিশ্বাস কৰা হয় যে সেই গুহাতেই ঋষি বেদ ব্যাসে সমগ্ৰ মহাভাৰতবাস ৰচনা কৰিছিল।

এই বিশেষ গাঁওখনতেই কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে যাব। কাইলৈ ২১ অক্টোবৰ তাৰিখে কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী লগতে দৰ্শন কৰিব এই বিশেষ গাঁওখনো।