কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ বিকী চাহানীক; কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল তৰুণ ডেকাক

0
4791
কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ বিকী চাহানীক; কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল

কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ বিকী চাহানীক; কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল তৰুণ ডেকাক

যোৱা পাঁচ নৱেম্বৰৰ নিশা গুৱাহাটীৰ মালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্তগৰাকীক অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনক বিকী চাহানী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

বিকী চাহানী নামৰ লোকজনে মালিগাঁও বজাৰৰ নৈশ চকীদাৰ তৰুণ ডেকাক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

এই নৃশংস হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল সেই স্থানত সংস্থাপিত চিচি টিভি কেমেৰাত।

আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি অভিযান তীব্ৰতৰ কৰি তুলি কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিকীক।

আৰু পঢ়ক :  পাকিস্তানত ধাৰাসাৰ গুলীবৰ্ষণ, চাৰিজন লোক নিহত, ৪ জন আহত