18 C
Guwahati
Thursday, January 20, 2022
More

    ‘পেঞ্চিল’ চোৰ কৰা বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পালেগৈ থানা, ভিডিঅ’ ভাইৰেল

    ‘পেঞ্চিল’ চোৰ কৰা বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পালেগৈ থানা, ভিডিঅ’ ভাইৰেল

    প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ এডাল পেঞ্চিল তেওঁৰেই এজন সহপাঠীয়ে চুৰি কৰাৰ পিছত তেওঁ ন্যায় বিচাৰি আৰক্ষী থানালৈ যোৱা এটা ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    এতিয়া ছ’চিয়েল মিডিয়া ৱেবছাইটত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত শিশুটোক অন্ধ্ৰপ্ৰদেশৰ কুৰনুলৰ পেডাকাডুবুৰু আৰক্ষী থানাত সহপাঠীজনৰ সৈতে দেখা গৈছিল, যাৰ ওপৰত চুৰিৰ অভিযোগ উত্থাপন হৈছিল।

    শিশুটিয়ে তেওঁলোকৰ ‘পেঞ্চিল সমস্যা’ সমাধান কৰি দিবলৈও আৰক্ষীক বাৰম্বাৰ অনুৰোধ জনোৱা পৰিলক্ষিত হয়।

    ভিডিঅ’টোত আৰক্ষী বিষয়াজনক সৰু স্কুলীয়া ছাত্ৰজনৰ অভিযোগ ধৈৰ্য্যসহকাৰে শুনি থকা দেখা গৈছে।

    যেতিয়া শিশুটোৱে গোচৰ ৰুজু কৰিবলৈ জোৰ দিছিল, তেতিয়া আৰক্ষী বিষয়াজনে তেওঁক পুনৰ বিবেচনা কৰিবলৈ কৈছিল কিয়নো অভিযুক্ত ল’ৰাজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁৰ বাবে জীৱন কঠিন হৈ পৰিব।

    ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল।

    আৰু পঢ়ক : ১৩ গৰাকী স্কুলীয়া শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত, ১০ দিনৰ বাবে স্কুল বন্ধ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং