29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চৰাইদেউ মৈদামক কেন্দ্ৰ কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ, বিভিন্ন দাবী উত্থাপন কৰি সংবাদ মেল …

    ইতিহাস প্ৰসিদ্ধ চৰাইদেউ ময়দামক কেন্দ্ৰ কৰি চলি থকা এক ষড়যন্ত্ৰক লৈ আজি শিৱসাগৰত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছন নামৰ এক সংস্থাই আজি শিৱসাগৰত এক সংবাদ মেল সম্বোধন কৰে।

    উক্ত সংবাদ মেলত তেওঁলোকে কয় যে–২০১৯ বৰ্ষৰ পৰা ২০২১ বৰ্ষলৈকে এক দীঘলীয়া পৰ্যায়ত যুদ্ধকালীন ৰূপত সমগ্ৰ চৰাইদেউৰ ৰাজধানীত অৱস্থিত মৈদাম অঞ্চলৰ লগতে অন্যান্য কীর্তিচিহ্নসমূহসাঙুৰি বিস্তৃত জৰীপকৰা হৈছিল ইতিহাসত প্রথমবাৰলৈ,এই ৰাজধানীৰ লগতে মৈদাম অঞ্চলৰ প্ৰস্তুত কৰা cadastral map প্রস্তুত কৰিবলৈ।

    কিয়নাে এইসমগ্ৰ অঞ্চল চৰকাৰী নথি-পত্ৰত গেজিং লেণ্ড (Gazing land) হিচাপেহে নামাকৰণ আছে, যাৰ বাবে ইউনেস্কৰ বিশ্বঐতিহ্যত অন্তর্ভুক্ত হবলৈ ইয়ে প্ৰাৰম্ভিক বাধা। চৰকাৰী মেপৰ অবিহনে ইউনেস্কলৈ Dossire (নথিপত্র) সমূহপ্রস্তুত কৰি পঠিয়াব নােৱাৰে। ইয়াৰ বিপৰীতে মাত্র বাকুপুখুৰী হাবি গাঁৱৰ ৭ নং দাগৰ মাত্র ১২/১৩ টা মান মৈদাম সাঙুৰি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অধীনত এখন মেপ প্রস্তুত কৰি প্রায় ছশ পচিশ (৬২৫) বিঘা মান মাটি অন্তর্ভুক্ত কৰি আৰু ১০ নং দাগৰ মাত্র সাত (৭) বিঘা মাটি লৈ বৃহৎআকাৰৰ দেওশাল (যত প্রায় তিনিশ বিঘা মাটি কালিৰ পাহাৰটো অৱস্থিত)খন সংৰক্ষিত। ইয়াৰ বাবে আনৰজা আৰু ৰাণীসকলৰ মৈদামসমূহৰ মেপ প্রস্তুত নােহােৱা বাবে ২০১৩ বৰ্ষৰ পৰাই বিশ্ব ঐতিহ্যত অন্তর্ভুক্ত কৰিবলৈ Dossire (নথিপত্র) সমূহ প্রস্তুত কৰি (UNESCO) ইউনেস্কলৈ পঠিয়াব পৰা নাই।যি সময়ত চৰইদেউ মৈদামৰ হাজাৰ হাজাৰ বিঘা মাটিত ৰংপুৰৰ স্বৰ্গদেউ সকলৰ লগতে আন আন স্বৰ্গদেউ, ৰাণী, কুঁৱৰী আদি সকলৰ মৈদাম সিঁচৰত হৈ আছে তেনে সময়ত মাত্ৰ কেইটামান মৈদামক লৈ এক সীমিত ভূমিৰ পৰিসৰৰ মাজত চৰাইদেউ মৈদামক আৱদ্ধ কৰি ৰখাৰ ষড়যন্ত্ৰ চলিছে।

    এনে ষড়যন্ত্ৰৰ ফলত স্বয়ং চ্যাওলুং চ্যুকাফাৰ মৈদাম বাদ পৰি ৰৈছে।আনহাতে এছচিয়েছনে বহু দিনৰ চেষ্টা আৰু গৱেষণাৰ অন্তত ৬৭০০ বিঘা ভূমি বিস্তাৰিত এক প্ৰকৃত মেপ প্ৰস্তুত কৰিছে। চৰাইদেউ মৈদামক প্ৰকৃত মৰ্যাদা দিবলৈ আৰু বিশ্ব ঐতিহ্যৰ আওতালৈ আনিবলৈ এনে মেপৰ দৰকাৰ আছে।আনহাতে আজিৰ সংবাদ মেলত চৰাইদেউ মৈদামক লৈ কৰা ষড়যন্ত্ৰ, নিম্নমানৰ সীমা দেৱাল নিৰ্মাণ, চৰকাৰী ভূমিত কৰা অবাধ বেদখল আদিৰ সন্দৰ্ভত এছচিয়েছনে একাংশ মধ্যভোগীক তীব্ৰ সমালোচনা কৰি চৰাইদেউ ময়দামৰ এখন প্ৰকৃত আৰু শুদ্ধ মেপ প্ৰস্তুত কৰি বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হব পৰা সকলো ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী উত্থাপন‌ কৰে।

    Photo and input: sanjay pareek

    আৰু পঢ়ক : ভোট গণনাৰ দিনটোত নলবাৰীত ১৪৪ ধাৰা জাৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং