15 C
Guwahati
Saturday, January 22, 2022
More

    ৰাজ্যপতিৰ স্বাক্ষৰ, আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ’ল তিনিখন কৃষি আইন

    ৰাজ্যপতিৰ স্বাক্ষৰ, আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ’ল তিনিখন কৃষি আইন

    দুয়োখন সদনত গৃহীত হোৱা কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক-২০২১ত আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰে।

    ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰাৰ লগে লগে আনুষ্ঠানিকভাৱে তিনিওখন কৃষি আইন বাতিল কৰা হয়।

    এই নতুন আইনখন কৃষি আইন প্ৰত্যাহাৰ আইন,২০২১ হিচাপে জনা যাব।

    উল্লেখযোগ্য যে, কৃষক সকলৰ প্ৰবল প্ৰতিবাদৰ পাছতে কেন্দ্ৰ চৰকাৰে বৰ্ষাকালীন অধিৱেশনত গৃহীত কৰা তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিম বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছিল।

    সংসদৰ চলিত শীতকালীন অধিৱেশনৰ সময়তে লোকসভা আৰু ৰাজ্যসভা উভয় সদনত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক কোনোধৰণৰ আলোচনা নোহোৱাকৈ গৃহীত কৰা হৈছিল।

    আৰু পঢ়ক : কাশ্মীৰত ১৩০০ বছৰ পুৰণি দুৰ্গা দেৱীৰ মূৰ্তি উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং