তিনিদিনীয়া অসম-মিজোৰাম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

0
206
তিনিদিনীয়া অসম-মিজোৰাম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

আজি অসম-মিজোৰাম ভ্ৰমণলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি ৩ মেৰ পৰা ৬ মেলৈ অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি কোবিন্দে।

ৰাষ্ট্ৰপতি গৰাকীয়ে আজাদী কা অমৃত মহোৎসৱৰ অধীনত উত্তৰ পূৱৰ উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীৰ এক অনুষ্ঠানটো অংশগ্ৰহণ কৰিব।

তাৰ মাজতে তামুলপুৰলৈও যাব ৰাষ্ট্ৰপতি কোবিন্দ। বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

ইয়াৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ পূৱৰ আন এখন ৰাজ্য মিজোৰামো ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি কোবিন্দে বৃহস্পতিবাৰে আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ ১৬ সংখ্যক সমাৱৰ্তনত ভাষণ দিব।

আৰু পঢ়ক : দেশত পুনৰ গা কৰি উঠিছে কৰ’ণা, মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৯ হাজাৰৰো অধিক