24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মাতৃৰ দেহাৱসান

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে বুধবাৰে নিশা প্ৰায় ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

    উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলু গগৈ।

    যোৱা ২৯ মাৰ্চত হঠাত ব্ৰেইন ষ্ট্ৰোক হোৱাত সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত।

    হাস্পতালত দুটা দিন মাতৃক শুশ্ৰুষা কৰি বুধবাৰে পুনৰ নামনি অসমৰ কেইবাটাও সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছিল, কিন্তু নিশা অহা এই খবৰৰ পিছতেই ডিব্ৰুগড়লৈ ৰাওনা হয় লুৰীণ জ্যোতি গগৈ।

    ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ মাতৃৰ বিয়োগত অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰে।       

    উল্লেখ্য যে লুৰীণ জ্যোতি গগৈৰ মাতৃৰ বিয়োগে জাতীয় পৰিষদৰ প্ৰচাৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

    অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে এইবাৰৰ নিৰ্বাচনত নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    আৰু পঢ়ক : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আৰম্ভণিতেই ৯০ নং যমুনামুখ সমষ্টিৰ ২০ (এ) নং কেন্দ্ৰত বিকল ই ভি এম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং