33 C
Guwahati
Friday, August 5, 2022
More

    দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ১৮ মিনিটৰ ভাষণত কি কি, লগতে ৰাষ্ট্ৰপতি হিচাপে কি কি সুবিধা লাভ কৰিব তেখেতে…

    দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ১৮ মিনিটৰ ভাষণত কি কি, লগতে ৰাষ্ট্ৰপতি হিচাপে কি কি সুবিধা লাভ কৰিব তেখেতে…

    আজি দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে । তেখেত হৈছে দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি। লগতে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হোৱা দ্বিতীয় গৰাকী মহিলা। আজিৰ পৰা, চৰকাৰৰ সকলো কাম তেখেতৰ নামত কৰা হ’ব।

    সহজ ভাষাত কবলৈ গ’লে, আজিৰ পৰা যি কোনো সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰে ল’ব পাৰিলেও কিন্তু ইয়াৰ ওপৰত মোহৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হ’ব। অৱশ্যে, কেন্দ্ৰীয় কেবিনেটৰ পৰামৰ্শ অবিহনে ৰাষ্ট্ৰপতিয়ে তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে।

    সংসদৰ কেন্দ্ৰীয় হলত আজি শপত গ্ৰহণ কৰাৰ পিছতে তেখেতৰ প্ৰথম ভাষণ আছিল ১৮ মিনিটৰ বাবে। ইয়াত তেওঁ দৰিদ্ৰৰ পৰা আৰম্ভ কৰি যুৱ আৰু মহিলালৈকে সকলো কথা উল্লেখ কৰে। ইতিহাসৰ পৰা স্বাধীন ভাৰতৰ উন্নয়ন যাত্ৰাৰ ওপৰত আলোকপাত কৰালৈকে।

    তেখেতৰ আজিৰ ভাষণৰ মূল কথা আছিল- “মোৰ বাবে দেশৰ যুৱ আৰু মহিলাসকলৰ স্বাৰ্থ সৰ্বাধিক হ’ব। ‘ তেখেতে দাঙি ধৰা ভাষণৰ কেইটামান গুৰুত্ব কথা এনেধৰণৰ-

    দৰিদ্ৰ সকলে সপোন দেখিব পাৰে আৰু সেইবোৰ পূৰণ কৰিব পাৰে: মই জনজাতীয় সমাজৰ, আৰু মই ৱাৰ্ড কাউন্সিলাৰ হোৱাৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ পাইছো। এইটো আমাৰ গণতন্ত্ৰৰ শক্তি যে দৰিদ্ৰ ঘৰত জন্ম গ্ৰহণ কৰা এজনী ছোৱালী, দূৰৱৰ্তী জনজাতীয় এলেকাত জন্ম গ্ৰহণ কৰা কন্যা, ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে। ৰাষ্ট্ৰপতিপদত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়, ই হৈছে ভাৰতৰ প্ৰতিজন দৰিদ্ৰলোকৰ কৃতিত্ব। মোৰ নিৰ্বাচনে প্ৰমাণ কৰে যে ভাৰতৰ দৰিদ্ৰ সকলে সপোন দেখিব পাৰে আৰু সেইবোৰ পূৰণ কৰিব পাৰে।

    আমাৰ কাম হৈছে স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰা: আমাৰ স্বাধীনতা সংগ্ৰামীসকলে আমাক মুক্ত ভাৰতৰ নাগৰিকসকলৰ প্ৰতি কৰা প্ৰত্যাশা পূৰণ কৰিবলৈ আমি এই অমৃতকালত দ্ৰুত গতিত কাম কৰিব লাগিব। এই ২৫ বছৰত, অমৃতকালৰ সফলতাৰ পথ দুটা পথত আগবাঢ়িব – সকলোৰে প্ৰচেষ্টা আৰু সকলোৰে কৰ্তব্য। এইটো মোৰ বাবে অত্যন্ত সন্তুষ্টিৰ বিষয় যে যিসকল শতিকা ধৰি বঞ্চিত হৈ আহিছে, যিসকলে উন্নয়নৰ লাভালাভৰ পৰা আঁতৰি আছে, দৰিদ্ৰ, দলিত, পিছফালৰ আৰু আদিবাসীসকলে মোৰ মাজত তেওঁলোকৰ প্ৰতিফলন দেখিছে।

    মহিলা আৰু যুৱসকলৰ স্বাৰ্থ সৰ্বাধিক হ’ব : মই আজি সকলো দেশবাসীক, বিশেষকৈ ভাৰতৰ যুৱ প্ৰজন্ম আৰু ভাৰতৰ মহিলাসকলক আশ্বাস দিছো যে এই পদত কাম কৰাৰ সময়ত তেওঁলোকৰ স্বাৰ্থ মোৰ বাবে সৰ্বাধিক হ’ব। মোৰ নিৰ্বাচনত ভাৰতৰ আজিৰ যুৱপ্ৰজন্মৰ সাহসো অন্তৰ্ভুক্ত আছে। আজি মই এনে এক প্ৰগতিশীল ভাৰতৰ নেতৃত্ব দি গৌৰৱান্বিত অনুভৱ কৰিছো।

    যুৱপ্ৰজন্মৰ প্ৰতি মোৰ সম্পূৰ্ণ সমৰ্থন হ’ব: কৰ’ণা মহামাৰীৰ বিশ্বব্যাপী সংকটৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে, সেইটোৱে সমগ্ৰ বিশ্বতে ভাৰতৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে। মই মোৰ দেশৰ যুৱসকলক ক’ব বিচাৰো যে আপুনি কেৱল আপোনাৰ ভৱিষ্যত গঢ়ি তোলাই নহয়, ভৱিষ্যতৰ ভাৰতৰ ভেটিও স্থাপন কৰিছে। দেশৰ ৰাষ্ট্ৰপতি হিচাপে, মই সদায় আপোনাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ৰাখিম। মই বিচাৰো যে আমাৰ সকলো ভগ্নী আৰু কন্যা যিমান সম্ভৱ শক্তিশালী হওক আৰু তেওঁলোকে দেশৰ প্ৰতিটো অঞ্চললৈ অৱদান আগবঢ়াই যাব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং