17 C
Guwahati
Saturday, December 4, 2021
More

    অত্যাচাৰত অতিষ্ঠ হৈ ৮ মহীয়া গৰ্ভৱতী মহিলাই কৰিলে আত্মহত্যা, কাকয়েকক ক’লে ”মা-দেউতাক বুজাবা আৰু…

    অত্যাচাৰত অতিষ্ঠ হৈ ৮ মহীয়া গৰ্ভৱতী মহিলাই কৰিলে আত্মহত্যা, কাকয়েকক ক’লে ”মা-দেউতাক বুজাবা আৰু…

    উত্তৰ প্ৰদেশৰ বিজনোৰৰ জলীলপুৰৰ এগৰাকী বিবাহিতা মহিলাই ফাচী লগাই আত্মহত্যা কৰাৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালৰ লোকে যৌতুক বিচাৰি বহু নিৰ্যাতন কৰিছিল। নিৰ্যাতনত অতিষ্ঠ হৈ অৱশেষত বৃহস্পতিবাৰে আত্মহত্যাৰ পথ বাচি লয় নৱবিবাহিতাই।মৃত্যুৰ সময়ত মহিলা গৰাকী ৮ মহীয়া গৰ্ভৱতী আছিল।

    আত্মহত্যা কৰাৰ পূৰ্বে মহিলা গৰাকীয়ে কাকয়েকক এটি অডিঅ প্ৰেৰণ কৰে।য’ত তেওঁ আত্মহত্যা কৰাৰ বাবে ক্ষমা বিচাৰে আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বাধা দিয়ে।

    ১০ মাহ পূৰ্বে মহিলা গৰাকীৰ সঞ্জীৱৰ লগত বিয়া হৈছিল।বিয়াৰ পূৰ্বে কৈছিল যে সঞ্জীৱ ৰেলৱেত কাম কৰে কিন্তু পিছত গ’ম পোৱা যায় তেওঁ নিবনুৱা বুলি।

    তাৰ পিছতেই মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালৰ লোকে যৌতুকৰ বাবে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। মহিলা গৰাকীয়ে আত্মহত্যাৰ পূৰ্বে ককায়েকক কয় যে ”দাদা আপুনি মোৰ বাবে বহুত কৰিছে। কিন্তু আজি মই উপায়ন্তৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছো। আপুনি মা-দেউতাক বুজাব যে মোৰ শহুৰৰ ঘৰৰ পৰা যাতে কোনো সামগ্ৰী লৈ নাযায়।আপোনাৰ ভন্তীয়ে যদি নাথাকে সেই ঘৰৰ লগত কি সম্পৰ্ক থাকিব।মোৰ স্বামীৰ পৰিয়ালক ক্ষমা কৰি দিয়ক কোনো তদন্ত নকৰিব”।

    ইয়াৰ পিছতে মহিলাগৰাকীয়ে আত্মহত্যা কৰে।পৰিয়াল বৰ্গই কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    আৰু পঢ়ক : শাৰীৰ ওপৰত এটি সাধাৰণ প্ৰশ্ন, প্ৰশ্নৰ সঠিক উত্তৰ দি UPSC পৰীক্ষাত লাভ কৰিলে ৯মন স্থান…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং