দৰঙৰ বুঢ়া আৰক্ষী চকীৰ জঘন্য ঘটনা, নিলম্বন SI মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনিতা বড়োক

ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীত ৩ গৰাকী মহিলাক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ চলোৱা ঘটনা সন্দৰ্ভত উপ–পৰিদৰ্শক মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনিতা বড়োক নিলম্বন

0
569

ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীত ৩ গৰাকী মহিলাক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ চলোৱা ঘটনা সন্দৰ্ভত উপ–পৰিদৰ্শক মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনিতা বড়োক নিলম্বন। দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভুঞাই জনালে এই কথা। SI মহেন্দ্ৰ শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাছিল গৰ্ভৱতী মহিলাও। উলংগ কৰি অমানৱিক অত্যাচাৰ চলোৱা ৩ গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা আছিল দুমাহৰ গৰ্ভৱতী। SIৰ আক্ৰমণত গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ৰছুল আলী নামৰ এজন লোকে এগৰাকী যুৱতীক পলুৱাই নিয়াৰ গোচৰ ৰুজু কৰিছিল যুৱতীগৰাকীৰ ককায়েকে। বুঢ়া আৰক্ষী চকীত ৰুজু কৰিছিল গোচৰ। ৰছুল আলীয়ে যুৱতীগৰাকীক পলুৱাই লৈ গৈছিল বায়েকৰ ঘৰলৈ। ককায়েকে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৰছুল আলীৰ বায়েকসহ ৩গৰাকী মহিলাক সোধা-পোছাৰ বাবে লৈ গৈছিল থানালৈ আৰু তাতে নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল মহিলাকেইগৰাকীক।

SI মহেন্দ্ৰ শৰ্মাৰ লগতে কনিষ্টবল বিনিতা বড়োই মহিলাকেইগৰাকীক উলংগ কৰি বৰ্বৰভাৱে আক্ৰমণ চলাইছিল মহিলাকেইগৰাকীৰ ওপৰত। এই অভিযোগ উত্থাপন কৰিছে মহিলাকেইগৰাকীয়ে। বিষয়াজনৰ বিৰুদ্ধ যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ। ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা।