
কেৰালাৰ কান্নুৰ জিলাত বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত সংঘটিত হোৱা এক দুৰ্ঘটনাত এহাল স্বামী-স্ত্ৰী জীৱিত অৱস্থাত জ্বলি মৃত্যুক আঁকোৱালি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্বামীয়ে গাড়ী চলাই গৰ্ভৱতী পত্নীৰ সৈতে চিকিৎসালয়লৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনত আছিল ৬ জন লোক। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ৪ জন লোক গাড়ীৰ পৰা সুৰক্ষিতভাৱে নামি যাবলৈ সক্ষম হয় যদিও স্বামী-স্ত্ৰীয়ে নিজকে বচাব নোৱাৰিলে।
ঘটনাৰ ভিডিঅ’টো দেখিলে গাৰ নোম শিয়ৰি উঠিব সকলোৰে। জ্বলি থকা দম্পতীহালৰ চিঞৰ-বাখৰৰ মাজত ওচৰৰ মানুহবোৰ কিমান অসহায় আৰু অসন্তুষ্ট হৈ পৰিছিল।
এই দুৰ্ঘটনাত পতি-পত্নী দুয়ো জীৱন্তে অগ্নিদগ্ধ হয়। ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ চলন্ত গাড়ী এখনত কেনেদৰে জুই লগাৰ ঘটনা সংঘটিত হ’ল তাৰ তদন্ত আৰম্ভ কৰিছে।