চলন্ত ৰে’লতে মহিলাই জন্ম দিলে শিশু ! কিন্তু হঠাতে চিকিৎসালয়ৰ পৰা আহিল দুঃখবৰ

0
115

চলন্ত ৰে’লতে মহিলাই জন্ম দিলে শিশু ! কিন্তু হঠাতে চিকিৎসালয়ৰ পৰা আহিল দুঃখবৰ

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক শোৰাৱহ ঘটনা সংঘটিত হৈছে।প্ৰয়াগৰাজৰ পৰা দিল্লীলৈ যাব লগীয়া নতুন দিল্লী পূৰ্বোত্তৰ ক্ৰান্তি এক্সপ্ৰেছত এগৰাকী গৰ্ভৱতী মহিলাই এটি ল’ৰা সন্তান জন্ম দিয়ে। দৰাচলতে যাত্ৰাৰ সময়ত মহিলাগৰাকীৰ তীব্ৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল।

তাকে দেখি ডবাটোত থকা মহিলা যাত্ৰী সকলে পৰ্দা দি মহিলা গৰাকীক সহায় কৰে। যেতিয়া ৰে’লখন গাজিয়াবাদ ষ্টেচনত উপস্থিত হৈছিল তেতিয়াই মহিলাগৰাকীয়ে ডবাটোতে এটি সন্তান জন্ম দিয়ে।

চিকিৎসকৰ তত্বাৱধান অবিহনে প্ৰসৱ কৰাৰ পিছত মহিলা গৰাকী আৰু শিশুটোক তাৎক্ষণিক ভাৱে চিকিৎসাৰ প্ৰয়োজন হৈছিল। কিন্তু শিশুটো আৰু মাতৃয়ে গাজিয়াবাদত পলমকৈ চিকিৎসা লাভ কৰিছিল। যাৰ বাবে শিশুটোৰ মৃত্যু হয়। মহিলাগৰাকীৰ নাম প্ৰেমা বুলি জানিব পৰা গৈছে। যাৰ বয়স৩৫ বছৰ।

মহিলাগৰাকীয়ে মিৰ্জাপুৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰি আছিল। প্ৰেমাক মহিলা জিলা এমএমজি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰেমাৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।