26 C
Guwahati
Monday, September 26, 2022
More

    “মই ভাৰততে মৰিবলৈ বিচাৰো, চীনত নহয়!কাৰণ ভাৰতৰ মানুহবোৰ কৃত্ৰিম নহয়” দালাই লামা

    “মই ভাৰততে মৰিবলৈ বিচাৰো, চীনত নহয়!কাৰণ ভাৰতৰ মানুহবোৰ কৃত্ৰিম নহয়” দালাই লামা

    তিব্বতি আধ্যাত্মিক গুৰু দালাই লামাই বৃহস্পতিবাৰে ভাৰতক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হিমাচল প্ৰদেশৰ ধৰ্মশালাত কয় যে ‘মই ভাৰতত মৃত্যু হ’ব বিচাৰো।

    যদি মই চীনা বিষয়াসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ মৃত্যুবৰণ কৰোঁ, তেন্তে ই অতি কৃত্ৰিম হ’ব। সেয়ে মই ভাৰতত মৰিবলৈ ভাল পাম।’দালাই লামাই এটা সাক্ষাৎকাৰৰ সময়ত এই মন্তব্যটো কৰিছে।

    তেওঁ লগতে কয় যে মই ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙকো কৈছিলো যে ‘মই আৰু ১৫ ৰ পৰা ২০ বছৰ জিয়াই থাকিম, তাত কোনো প্ৰশ্নই নাই।

    কিন্তু যেতিয়া মোৰ মৃত্যুৰ সময় আহিব তেতিয়া মই ভাৰততে মৰিবলৈ ভাল পাম। ভাৰতত প্ৰেম দেখুওৱা লোকআছে তেওঁলোক কৃত্ৰিম নহয়।

    যদি মই চীনা বিষয়াসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ মৰিম তেনেহলে সেয়া অতি কৃত্ৰিম হ’ব। মই এই দেশত মুক্ত গণতন্ত্ৰৰ সৈতে মৰিবলৈ ভাল পাম’।

    তেওঁ লগতে কয় যে’মৃত্যুৰ সময়ত যদি কোনো বিশ্বাসী বন্ধুৱে মোক আৱৰি থাকিব , যিয়ে মোক সঁচাকৈ ভাল পায়।’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং