অযোধ্যাৰ মছজিদৰ বাবে দান কৰা আৰু তাত নামাজ পঢ়াটো হাৰাম: আছাদুদ্দিন ওৱেছি

0
159
অযোধ্যাৰ মছজিদৰ বাবে দান কৰা আৰু তাত নামাজ পঢ়াটো হাৰাম: আছাদুদ্দিন ওৱেছি
photo: social media

অল ইণ্ডিয়া মজলিম এ ইত্তেহাদুল মুস্লিমীনৰ ( AIMIM ) অধ্যক্ষ আছাদুদ্দিন ওৱেছিয়ে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰে । অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ হাৰাম বুলি উল্লেখ কৰে নেতা গৰাকীয়ে।

উল্লেখ্য যে, মছজিদ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়োৱাৰ বিৰোধীতা কৰে ওৱেছিয়ে । তেওঁ কয় যে ”এই মছজিদৰ বাবে দান কৰা আৰু ইয়াত নামাজ পঢ়া হাৰাম”। ওৱেছিৰ এই মন্তব্যৰ পিছতে মছজিদ ট্ৰাষ্টে উভতি ধৰে আৰু কয় যে ”ওৱেছিয়ে কৰা মন্তব্য কেৱল তেওঁৰ ৰাজনীতিৰ অংশ” ।

কৰ্ণাটকৰ বীদৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ওৱেছিয়ে কয় যে ”অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হবলগীয়া মছজিদ ইছলামিক মতবাদৰ বিৰোধী। সেইটোক মছজিদ বুলি ক’ব নোৱাৰি। গতিকে তাত দান কৰা আৰু নামাজ পঢ়াটো হাৰাম” ।

ওৱেছিৰ এই মন্তব্যৰ বিৰোধীতা কৰি মছজিদ ট্ৰাষ্টৰ সচিব অতহৰ হুচেইনে কয় যে আল্লাৰ বাবে  যত নামাজ পঢ়া হয় সেই ঠাই হাৰাম হবই

আৰু পঢ়ক : ফাষ্টটেগ নাথাকিলে ১৫ ফেব্ৰুৱাৰীৰ পৰা টোলগেটত আপুনি দিব লাগিব দুগুণ জৰিমণা…