ঈষাণ-ইবনৰ আত্মাৰ সদ্গতিৰ কামনাৰে হাতীগাঁৱত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা

একেলগে বিভিন্ন জনে প্ৰাৰ্থনা কৰি দুই নিষ্পাপ শিশুৰ আত্মৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন আন সদস্যক এই মৰ্মবেদনা সহিব পৰাকৈ শক্তি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়

0
91

সমগ্ৰ ৰাজ্যকে শোকাহত কৰা কণমানি ঈষাণ-ইবনৰ আকস্মিক মৃত্যুত দিছপুৰ, বেলতলা, হাতীগাঁও, গণেশগুৰি এলেকাত আজিও শোকবিহ্বল হৈ আছে ৰাইজ৷ হঠাতে অগ্নিকাণ্ড সংঘটিত হৈ মৰম লগা একেটা পৰিয়ালৰে দুই পুত্ৰ সন্তানে কৰুণ মৃত্যুক আঁকোৱালি লোৱাত প্ৰতিগৰাকী লোক মৰ্মাহত হৈ আছে৷ আজি ৰাইজে গণৰাজ্য দিৱস পালন কৰে যদিও এই মৰ্মবেদনাক মনৰ মাজৰ পৰা উলিয়াই পেলাব পৰা নাই৷ প্ৰতিগৰাকী লোকক এই ভয়াৱহ কাণ্ডই খেদি ফুৰিছে৷ যাৰ বাবে দেওবাৰে গণৰাজ্য দিৱসৰ দিনটোত একত্ৰিত হ’ল হাতীগাঁওবাসী৷

দিনৰ তিনিবজাত হাতীগাঁৱৰ স্থানীয় জ্যেষ্ঠ নাগৰিক, পুৰুষ-মহিলা, ব্যৱসায়ীসকল একত্ৰিত হৈ সমাজত শান্তি তথা সদায় দেখি থকা নিস্পাপ দুই সন্তানৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা কৰে৷ হিন্দু-মুছলমান সকলো লোকে ঘৰৰ পৰা ওলাই আহি সমাজকখনক কোনো ভয়াৱহ কাণ্ডৰ পৰা ৰক্ষা কৰাৰ লগতে অসূয়া-অপায়-অমংগল দূৰ হোৱাৰ স্বাৰ্থত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে৷ দিনৰ তিনিবজাৰ পৰা হাতীগাঁও তিনিআলিত নিউ-হাতীগাঁও শ্বপিং চেণ্টাৰত প্ৰায় তিনিঘণ্টা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে৷ কোৰাণৰ আয়াত পাঠ কৰে জ্যেষ্ঠ নাগৰিক মৌলানা ফখৰুদ্দিন আলী আহমেদ কাছিমীয়ে আৰু ভাগৱত পাঠ কৰে মণি দাস আৰু গিৰিশ ডেকাই৷

একেলগে বিভিন্ন জনে প্ৰাৰ্থনা কৰি দুই নিষ্পাপ শিশুৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন আন সদস্যক এই মৰ্মবেদনা সহিব পৰাকৈ শক্তি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ এই অনুষ্ঠানত আই-মাতৃসকলে ফেঁকুৰি উঠি সমাজত এনে ঘটনা সংঘটিত নহ’বলৈ ভগৱানৰ ওচৰত মিনতি জনায়৷

প্ৰাৰ্থনা সভাত জ্যেষ্ঠ নাগৰিক ছিদ্দিক ৰহমান, প্ৰণৱ গোস্বামী, প্ৰাক্তন ছাত্ৰ নেতা নুৰুল হক, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতা চহিদ আলী আহমেদ, দিপালী দেৱী, চন্দনা ৰায় মেধি আদি উপস্থিত থাকে৷ প্ৰাৰ্থনা সভাৰ আৰম্ভণিৰ পূৰ্বে দুই শিশুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি হাতীগাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Photo:Time8