28 C
Guwahati
Sunday, October 2, 2022
More

    চাফাই কৰ্মীৰ পৰা ষ্টেট বেংকৰ সহকাৰী মহাপ্ৰৱন্ধক হোৱা প্ৰতীক্ষা টণ্ডৱালকাৰৰ সফলতাৰ কাহিনী

    চাফাই কৰ্মীৰ পৰা ষ্টেট বেংকৰ সহকাৰী মহাপ্ৰৱন্ধক হোৱা প্ৰতীক্ষা টণ্ডৱালকাৰ (Pratiksha Tondwalkar)ৰ সফলতাৰ কাহিনী। একাগ্ৰতা থাকিলে মানুহে জীৱনত যি কোনো সফলতা লাভ কৰিব পাৰে।

    কঠোৰ পৰিশ্ৰমে ভৱিষ্যত উন্নত কৰিব পাৰে। তাৰেই এক প্ৰকৃত উদাহৰণ শেহতীয়াকৈ এগৰাকী মহিলাই উপস্থাপন কৰিছে। চাফাই কৰ্মী হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰা প্ৰতীক্ষা টণ্ডৱালকাৰ নামৰ মহিলাগৰাকীয়ে সদ্যহতে লাভ কৰে ষ্টেট বেংকৰ সহকাৰী বেংক মেনেজাৰ তথা সহকাৰী মহাপ্ৰৱন্ধকৰ পদ।

    যাৰ সফলতাৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে। বেংকত চাফ-চিকুনৰ কাম মহিলাগৰাকীয়ে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সফলতা অৰ্জন কৰে।

    মাত্ৰ ২০ বছৰ বয়সতে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। যাৰ বাবে পৰিয়ালক আৰ্থিকভাৱে সমৰ্থন দিবলৈ আৰু নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ, মহিলাগৰাকীয়ে বেংকত চুইপাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

    কিন্তু পঢ়াৰ কাম কোনোদিনে এৰি দিনা নাছিল প্ৰতীক্ষাই। যাৰ বাবেই একাগ্ৰতাৰে এদিন সেই বেংকতেই চাকৰি লাভ কৰে আৰু কঠোৰ পৰিশ্ৰম কৰি ৩৭ বছৰৰ অন্তত দেশৰ সৰ্ববৃহৎ বেংকৰ এজন শীৰ্ষ বিষয়াৰ পদত উপনীত হবলৈ সক্ষম হয়।

    ১৯৬৪ চনত পুনেৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰতীক্ষা টণ্ডৱালকাৰৰ ১৭ বয়সতে বিবাহ কৰাই দিছিল পৰিয়ালে। বিবাহৰ পাছত এটি পুত্ৰ সন্তানো জন্ম পাই। কিন্তু ২০ বছৰ বয়সতে বিধৱা হৈ লাভ কৰে সমস্ত পৰিয়ালৰ দায়িত্ব।

    কিন্তু স্বামীয়ে বেংকত চাফাই কৰ্মীৰ কাম কৰা হেতুকে সহায় হিচাপে সেই কাম লাভ কৰে বিধৱা পত্নী প্ৰতীক্ষা টণ্ডৱালকাৰে। মাহিলী ৬০ৰ পৰা ৬৫ টকাত সেই কাম কৰি যায় প্ৰতীক্ষা টণ্ডৱালকাৰে। কিন্তু পৰিয়াল চলোৱাত বহু অসুবিধা।

    তেতিয়াই দেখে বেংকৰ কৰ্মচাৰী সকলক। ফেনৰ বতাহ খাই সুন্দৰকৈ টেবুলত বহি কাম কৰি থকাৰ দৃশ্য। সেয়ে মন মেলে নিজৰো এখন টেবুল হব , নিজেও টেবুলত বহি কাম কৰিব।

    সেয়ে কৰ্ম আৰু পৰিয়াল চলোৱাৰ মাজতে নৈশ বিদ্যালয়ত পঢ়ি ৬৬ শতাংশ নম্বৰেৰে দশম শ্ৰেণী উত্তীৰ্ণ হয় । আত্মীয়, বন্ধুবৰ্গ আৰু বেংকৰৰ কৰ্মচাৰীসকলেও পঢ়াশুনাত সহায় কৰি দিয়ে প্ৰতীক্ষা টণ্ডৱালকাৰক।

    দ্বাদশ উত্তীৰ্ণ হৈ এখন নাইট কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰীও অৰ্জন কৰে। পঢ়া শেষ হোৱাৰ পিছত, বেংকত কেৰাণী হিচাপে পদোন্নতি লাভ কৰে। সেই সময়তে দ্বিতীয় বিবাহো কৰাই তেখেতে।

    পুত্ৰ আৰু দ্বিতীয় স্বামীয়েও প্ৰতিটো পদক্ষেপত প্ৰতীক্ষা টণ্ডৱালকাৰক সমৰ্থন কৰি যায়, উৎসাহিত কৰি যায়। আৰু সেই সকলো কষ্টৰ অন্তত ৩৭ বছৰৰ পাছত ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহাপ্ৰৱন্ধক হিচাপে পদোন্নতি লাভ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং