খেলো ইণ্ডিয়াৰ বক্সিং ৰিঙত ৰূপৰ পদক অৰ্জন প্ৰান্তজ্যোতি ঘাটোৱাৰৰ

উৰুখা পঁজাৰ পৰা গৈ নিজ জন্মভূমি তিতাবৰ টিপমীয়াৰ বৰপাছি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ প্ৰান্তজ্যোতিয়ে

0
44

ৰাজ্যৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰান্তজ্যোতিয়ে। খেলো ইণ্ডিয়া ২০২০ত তিতাবৰৰ প্ৰান্তজ্যোতিয়ে আঁজুৰি আনিলে ৰূপৰ পদক৷ উৰুখা পঁজাৰ পৰা গৈ নিজ জন্মভূমি তিতাবৰ টিপমীয়াৰ বৰপাছি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে অজিত ঘাটোৱাৰ আৰু ববিতা ঘাটোৱাৰৰ সন্তান প্ৰান্তজ্যোতি ঘাটোৱাৰে।

তিতাবৰৰ এখন সৰু গাঁৱৰ পৰা গৈ খেলো ইণ্ডিয়াৰ বক্সিং ৰিঙত দেখুওৱালে নিজৰ শক্তি আৰু উন্নত প্ৰদৰ্শন। খেলো ইণ্ডিয়াৰ বক্সিঙত ৰূপৰ পদক আঁজুৰি অসমৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰান্তজ্যোতি ঘাটোৱাৰে। আজি নিজ জন্মভূমি তিতাবৰত উপস্থিত হোৱাৰ পাছতে তিতাবৰিয়া ৰাইজে প্ৰান্তজ্যোতিক জনালে উষ্ম আদৰণি৷

২০১৫ বৰ্ষত প্ৰান্তজ্যোতিয়ে আৰম্ভ কৰিছিল বক্সিঙৰ যাত্ৰা৷ প্ৰান্তজ্যোতিৰ এই সফলতাত পিতৃ অজিত ঘাটোৱাৰ আৰু মাতৃ ববিতা ঘাটোৱাৰৰ আৰু প্ৰশিক্ষক প্ৰণামিকা বৰাৰ লগতে আনন্দিত সমগ্ৰ তিতাবৰবাসী।

Photo Credit:@sajidhussain