“অগপৰ সহায় নাপালে বিজেপি বহু সমষ্টিত জয়ী হ’ব নোৱাৰে।” প্ৰফুল্ল কুমাৰ মহন্ত

0
1415

“ৰাইজৰ মাজত থাকি অগপ আগবাঢ়ি যাব লাগিব এই সময়ত অসমত আঞ্চলিক শক্তি জীয়াই নাৰাখিলে অসমৰ উন্নতি সম্ভৱ নহয়। অগপৰ সহায় নাপালে বিজেপি বহু সমষ্টিত জয়ী হ’ব নোৱাৰে।অগপ ই সকলোৰে বিশ্বাস লাভ কৰিব শিকা উচিত।”

হোটেল গেটৱেত আজি প্ৰফুল্ল কুমাৰ মহন্তই এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে -“বিজেপিৰ ওপৰত নিৰ্ভৰশীল নহয় অসমৰ জনসাধাৰণ।বিজেপি চৰকাৰৰ দিনত নিবনুৱা সমস্যা বাঢ়িছে। কামপুৰ,ডেৰগাঁৱত চেনিকল বন্ধ হৈছে এইখন চৰকাৰৰ দিনতেই।পঞ্চগাম,জাগীৰোড পেপাৰ মিল বন্ধ হৈছে এইখন চৰকাৰৰ দিনতেই।”

অখিল গগৈ প্ৰসংগত তেওঁ কয় যে-“ইমান দিনে এজন মানুহক এনেকৈ ৰখাটো ভাল কথা নহয়।এই বিষয়ে চৰকাৰে ভালকৈ জানিব।”

“বি টি এডি ত যেনে ধৰণৰ কথাৰ কটা কটি হৈ আছে ৰাজনীতি চলি আছে সেয়া দুমুখীয়া ৰাজনীতি। বিজেপিয়ে দম্ভালি মাৰি আছে কিন্তু তেওঁলোকে অগপক লগত লৈহে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।”

Input credit: Lakhyajit Baruah