শক্তিশালী ভূমিকম্পই কপাঁই গ’ল দক্ষিণ ইৰাণ , গৃহহাৰা হাজাৰ হাজাৰ লোক…

0
97

শক্তিশালী ভূমিকম্পই কপাঁই গ’ল দক্ষিণ ইৰাণ , গৃহহাৰা হাজাৰ হাজাৰ লোক…

শনিবাৰে পুৱতি নিশা দক্ষিণ ইৰাণত এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে। ভূমিকম্পৰ ফলত কমেও
পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জনতকৈও অধিক লোক আহত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল হৰ্মোজগান প্ৰদেশৰ বন্দৰ চহৰ বান্দাৰ আব্বাছৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছিল।

এএফপিৰ মতে, প্ৰচণ্ড ভূমিকম্পৰ কেইমিনিটমান আগতে আৰু ৫.৭ প্ৰাবল্যৰ আফটাৰশ্বক হৈছিল। পিছতো কমেও ৭ টা আফটাৰশ্বক অনুভৱ কৰা হৈছিল।

ইৰাণৰ সংবাদ মাধ্যমসমূহে ভূমিকম্পৰ প্ৰাবল্য ৬.১ বুলি প্ৰকাশ কৰিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কৈছে যে এইটো ৬.০ প্ৰাবল্যৰ।

ভূমিকম্পৰ ফলত ইৰাণৰ হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে। ৩০০ তকৈও অধিক লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ।ভূমিকম্পটোৱ চুবুৰীয়া দেশ সমূহতো অনুভৱ কৰিছিল।