মৰণোত্তৰ প্ৰতিবেদন- দলবদ্ধ ধৰ্ষণ, ডিঙি চেপি হত্য়া পাছতহে দুই ভগ্নীক ওলোমাই গছত, এইয়ে সেই ৬ অপৰাধী, এজনক গ্ৰেপ্তাৰৰ ভিডিঅ’ ভাইৰেল

0
115

মৰণোত্তৰ প্ৰতিবেদন- দলবদ্ধ ধৰ্ষণ, ডিঙি চেপি হত্য়া পাছতহে দুই ভগ্নীক ওলোমাই গছত, এইয়ে সেই ৬ অপৰাধী, এজনক গ্ৰেপ্তাৰৰ ভিডিঅ’ ভাইৰেল

দেশ কঁপাই যোৱা আন এক ধৰ্ষণ কাণ্ড। একেখন ঘৰৰে দুই ভগ্নীক দলবদ্ধ ধৰ্ষণ । ধৰ্ষণৰ পাছত ডিঙি চেপি হত্যা কৰি পাছতহে দুয়োৰে মৃতদেহ গছত ওলোমাই থয়।

পাশবিকতাৰ সীমা চেৰাই যোৱা এই ধৰ্ষণ কাণ্ড কালি ১৪ আগষ্ট বুধবাৰে সন্ধিয়াৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হৈছিল। এই ধৰ্ষণকাণ্ডৰ লগত জড়ি ৬ অভিযুক্ত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰে ভিতৰত এজনক আৰক্ষীয়ে আজি দৌৰাই দৌৰাই অৱশেষত এনকাউণ্টাৰ কৰি ভৰিত গুলি কৰি আটক কৰে। যি ঘটনাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জুনেইড নামৰ যুৱকজনক আৰক্ষীয়ে এইদৰে এনকাইণ্টাৰ কৰি আটক কৰিবলৈ বাধ্য হয়। আনহাতে অন্য ৫ জন যুৱককো আটক কৰাৰ পাছত সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কালিৰ এই দলবদ্ধ ধৰ্ষণৰ ঘটনাটোৰ পাছতে দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাই পাইছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন –

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এইটো প্ৰকাশ পাই যে, দুয়ো ভগ্নীকে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণৰ পাছত ডিঙি চেপি হত্যা কৰিহে এখন দোপাত্তাৰে দুয়োকে বান্ধি ওলোমাই দিছিল গছত।

আৰক্ষীয়ে লগতে ইয়াকো সদৰি কৰে যে, এই ধৰ্ষণ কাণ্ডত কোনো জোৰজবৰদস্তি হোৱা নাছিল দুয়ো কিশোৰীৰ সৈতে । দুয়ো কিশোৰীৰ পূৰ্বৰে পৰা চিনাকী আছিল সেই ৬ অপৰাধীৰ তিনিজন।

কিন্তু দলবদ্ধ ধৰ্ষণৰ পাছত যেতিয়া দুই কিশোৰী ভগ্নীয়ে বিয়াৰ বাবে জোৰ কৰে তেতিয়াই যুৱক কেইজন দুয়ো ভগ্নীকে ডিঙি চেপি হত্যা কৰে। কিন্তু ধৰা নপৰিবৰ বাবে দোপাত্তাৰে ফাঁচি লগাই আত্মহত্যাৰ ৰূপ দি ওলোমাই দিয়ে গছত।

কিন্তু তাৰ বিপৰীতে দুই কন্যাৰ মাতৃৰ ভাষ্য- সন্ধিয়াৰ সময়ত ঘৰৰ চোতালতে বহি আছিল দুয়ো কন্য়া। মাতৃয়ে ওচৰতে দমকলৰ পৰা পানী ভৰাই আছিল। তেনেতে দুখন বাইকত ওচৰৰে চিনাকী এজনৰ লগতে ওচৰৰ গাঁৱৰ যুৱকে আহি ঘৰৰ পৰা টানি বাইকত বহুৱাই অপহৰণ কৰি লৈ যায় কন্যাদ্বয়ক।

মাতৃয়ে খেদি যাওতে তাৰেই এজনে পেটত গোৰ মাৰি পেলাই থৈ যায়। কিন্তু হাহাকাৰ কৰি দিয়াত ওচৰৰে মানুহ গোট খাই আৰু সেই বাইকৰ পিছে পিছে খেদি যায়।

কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহয় কিশোৰীদ্বয়ক। পাছত ঘৰৰ পৰা বহু দূৰৈত কুঁহিয়াৰ খেতিৰ মাজত গছত ওলমি থকা অৱস্থাত উদ্ধায় হয় দুয়ো কন্যা। ইয়াৰে এগৰাকী সপ্তম শ্ৰেণীৰ আৰু আনগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।