24 C
Guwahati
Friday, December 3, 2021
More

    কেনে আছে উচ্ছেদিত সকল…হিয়াভগা কান্দোনৰ মাজত পাৰ কৰিছে দিন-ৰাতি, উন্মুক্ত আকাশৰ তলত অনাহাৰে কটাইছে দিন

    ২০০ লোকৰ বিপৰীতে প্ৰায় ৫০ জন মান লোকেহে খাব পৰাকৈ জুৰে খিচিৰি। যাৰ পৰিণতিত পানী আৰু চিৰা খাই কন কন শিশুৰ ভোক নিবাৰণৰ চেষ্টা অসহায় মাতৃ সকলৰ।

    কেনে আছে উচ্ছেদিত সকল…হিয়াভগা কান্দোনৰ মাজত পাৰ কৰিছে দিন-ৰাতি, উন্মুক্ত আকাশৰ তলত অনাহাৰে কটাইছে দিন

    বনাঞ্চল মুকলি কৰাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শ শ লোকে হেৰুৱালে নিজৰ ঘৰ, বাসস্থান। যাৰ ফলত বৰ্তমানে সা-সামগ্ৰীৰে সৈতে কন কন লৰা ছোৱালী লৈ মুকলি আকাশৰ তলতে দিন কটাইছে লোক সকলে।

    হোজাই জিলা প্ৰশাসনে নৱেম্বৰ মাহৰ আৰম্ভণিতে কৰা ৫ দিনীয়া উচ্ছেদ অভিযানত ১৪১০ বেক্টৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি সেই উচ্ছেদিত ভূমিৰ পৰা ৭৩৬ ঘৰ মানুহক উচ্ছেদ কৰা হৈছিল।

    তাৰেই ভিতৰত প্ৰায় ২০৪ টা পৰিয়ালক ডবকাৰ এক ধান কটা পথাৰত অস্থায়ী শিবিৰ পাতি বাস কৰিবলৈ দিয়া হৈছিল। য’ত পৰ্যাপ্ত পৰিমাণে সা-সুবিধা দূৰৰ কথা খোৱা সামগ্ৰীৰ লগতে খোৱা পানীয়ো নথকাৰ অভিযোগ উত্থাপন কৰিছে সেই ঠাইত থকা উচ্ছেদিত পৰিয়ালসমুহে।

    পৰিয়াল কেইটাই কেৱল স্থানীয় দল সংগঠন আৰু স্থানীয় লোকৰ আশা-ভৰসাৰ ওপৰতেই সেই স্থানত থাকিব লগা হোৱা বুলি মন্তব্য বহু লোকৰ।

    ইফালে কিছু লোকৰ মন্তব্য মুকলি আকাশৰ তলত কেৱল প্লাষ্টিকৰ একোটা শিবৰত এতিয়া শীতৰ আগমণৰ লগে লগে কন কন শিশুহত শীতত কপিবলৈ ধৰিছে। উচ্ছেদিত ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

    ডবকাৰ চাংমাজিত হাহাকাৰ কৰিছে দুই শতাধিক উচ্চেদিত পৰিয়ালে ৷ নখুটিৰ দুই শতাধিক উচ্ছেদিতক অস্থায়ীভাৱে সংস্থাপন কৰা হৈছিল চাংমাজিত।

    বহু দুৰ্ভগীয়া অসহায় পিতৃৰ মন্তব্য- শীতৰ আগমণৰ লগে লগে মুকলি আকাশৰ তলত নিশা পাৰ কৰিছে উচ্ছেদিত পৰিয়াল কেইটাই ৷ নাই বিশুদ্ধ খোৱাপানী, নাই শৌচালয়, শীত নিবাৰণৰ বাবে নাই এখন কম্বল ৷

    নিশা এক প্ৰকাৰ অনাহাৰে – উজাগৰে পাৰ কৰিবলগীয়া হয় দুৰ্ভগীয়া লোকসকলে ৷ যাৰ বাবেই লোকসকলৰ এনে অৱস্থা দেখি স্থানীয় ৰাইজে নিশা খিছিৰি প্ৰস্তুত কৰি ভোক নিবাৰণৰ চেষ্টা কৰে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি হুকহুকাই কান্দি উঠিছে এগৰাকী মাতৃয়ে ৷

    ২০০ লোকৰ বিপৰীতে প্ৰায় ৫০ জন মান লোকেহে খাব পৰাকৈ জুৰে সেই খিচিৰি। যাৰ পৰিণতিত পানী আৰু চিৰা খাই কন কন শিশুৰ ভোক নিবাৰণৰ চেষ্টা কৰে বুলি বহুকেইগৰাকী অসহায় মাতৃৰ কান্দোন।

    তাৰেই মাজৰ এগৰাকী মাতৃৰ মন্তব্য- ‘সমুখত বেমাৰ হৈ থকা সন্তান। কিন্তু কৰিব একো পৰা নাই। ওলোটাই খোলা আকাশৰ তলত পেলাই হে থৈছো। চৰকাৰে হয় কোনো চিকিৎসাৰ লগতে থকাৰ ব্যৱস্থা কৰক অন্যথা আমাক প্ৰাণে মাৰি পেলাওক’।

    কোনো এগৰাকী পিতৃৰ চকুত চকুপানীৰে সৈতে মন্তব্য- ‘পূৰ্বতে শাক-পাচলিৰে ভাত খোৱা আমি সকলোৱে এতিয়া শাক-পাচলি কি পাহৰি থাকিলো। আমি দূৰৰে কথা সন্তানকে দুবেলা খুৱাবলৈ একো নাই। কেৱল ৰাতি মাজে মাজে খিচিৰিৰ ভাগ পোৱা যায়। তাৰ বাহিৰে পানীয়ে আমাৰ খাদ্য হৈ পৰিছে’।

    কণ কণ শিশু আৰু বয়সস্থ লোকসকলৰ মুখৰফালে চালে যিকোনো মানুহৰে চকু সেমেকি উঠা পৰিস্থিতি এতিয়া ডবকাৰ চাংমাজিত ৷

    কান্দি কান্দি সৰ্বাহাৰা লোকসকলে এতিয়া কেৱল সাহাৰ্যৰ বাবে অনুৰোধ কৰিছে সকলোকে ৷

    স্থানীয় বিধায়ক ছিৰাজুদ্দিন আজমলেও প্ৰতিনিধি পঠাই খবৰ লৈছে উচ্ছেদিত লোকসকলৰ ৷ লোকসকলক পৰ্যাপ্ত পৰিমানে সহায় সহযোগ কৰিব বুলি আশ্বাস দিছে আনোৱাৰ হুছেইনে।

    চৰকাৰলৈয়ো উচ্ছেদিত সকলৰ বিনম্ৰ অনুৰোধ সোনকালেই কোনো ব্যৱস্থা কৰক সকলো লোকৰ।

    আৰু পঢ়ক : বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপত অংশ নলয় মীৰাবাঈ চানুৱে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং