
ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৯-২০ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি, সভাপতি পদত জয়ী হৈছে আছুৰ সমৰ্থিত প্ৰাৰ্থী অনুৰাগ কল্যাণ বৰগোঁহাই। উপ সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী লক্ষ্যজিৎ দাস। সাধাৰণ সম্পাদক পদত ABVPৰ সমৰ্থিত প্ৰাৰ্থী মুন তালুকদাৰ।

ইফালে সহকাৰী সাধাৰণ সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী তৃষ্ণা দেৱী। সমাজ সেৱা সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী ফাৰ্ণী আহমেদ। সাংস্কৃতিক সম্পাদক পদত ABVPৰ সমৰ্থিত প্ৰাৰ্থী সৌৰভ সাহা। সংগীত সংগীত বিভাগত ABVPৰ সমৰ্থিত প্ৰাৰ্থী শিল্পীকা মধুকুল্যৰ জয়। সাহিত্য আৰু সুকুমাৰ কলাত SFIৰ সমৰ্থিত প্ৰাৰ্থী অপ্ৰীম কুমাৰ বৰা। লঘু ক্ৰীড়া সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী নবাংকুৰ শইকীয়া। ছাত্ৰী জিৰণী কোঠা সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী সাগৰিকা কলিতা, ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী নাছিৰ মিৰ্জা আৰু গুৰু ক্ৰীড়া বিভাগত আছুৰ সমৰ্থিত প্ৰাৰ্থী জুবিন মুক্তিয়াৰৰ জয়লাভ।
সভাপতিসহ মুঠ ৯টা পদ দখল কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। ABVP-এ দখল কৰিলে সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক পদসহ মুঠ ৩টা পদ। এটা পদত জয়লাভ SFIৰ।