21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    “মই ভিডিঅ’টো ডীলীট কৰিবলৈ চেষ্টা কৰিছিলো…” স্কুলৰ অনলাইন গ্ৰুপত শ্বেয়াৰ কৰিলে অশ্লীল ভিডিঅ’

    “মই ভিডিঅ’টো ডীলীট কৰিবলৈ চেষ্টা কৰিছিলো…” স্কুলৰ অনলাইন গ্ৰুপত শ্বেয়াৰ কৰিলে অশ্লীল ভিডিঅ’ : এজন ছাত্ৰৰ বিভীষিকা। স্কুলৰ অনলাইন ক্লাছৰ হোৱাটছ এপ্প গ্ৰুপত শ্বেয়াৰ কৰিলে অশ্লীল ভিডিঅ’। তাৰ পিছতেই ঘটিল অঘটন।

    লক্ষ্ণৌৰ ডৌকীৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অনলাইন ক্লাছৰ বাবে সুবিধা হোৱাকে প্ৰধান শিক্ষকে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীখিনিক সামৰি খুলিছিল এটা হোৱাটছ এপ্প গ্ৰুপ।এই গ্ৰুপটোত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাহিৰে স্কুলৰ লগত জড়িত কেবাজনো লোক আছিল।

    ইয়াৰ মাজতে এজন ছাত্ৰই গ্ৰুপত শ্লীল ভিডিঅ’ প্ৰেৰণ কৰে। লগে লগে ছাত্ৰজনে ডীলীট কৰিবলৈ লওতেও নোৱাৰাত ছাত্ৰজনে স্ক্ৰীণ শ্বট মাৰি গ্ৰুপত পঠিয়াই।

    লগে লগে বিদ্যালয় কৰ্তৃপক্ষই সোধ- পোছৰ কাৰণে ছাত্ৰজনৰ ঘৰলৈ যায়। জানিব পৰামতে ভিডিঅ’টো ছাত্ৰজনৰ ভাতৃয়ে দিছিল।

    সম্প্ৰতি চাইবাৰ চেলৰ সহায়ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : বৰপেটাত বৰ্বৰ ঘটনা! যজম সন্তানক হত্যাৰ চেষ্টা মাতৃৰ, ১১ মহীয়া শিশুৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং