32 C
Guwahati
Thursday, September 16, 2021
More

    ভাল খবৰ! এতিয়াৰ পৰা মোবাইল ভেনৰ জড়িতে উপলব্ধ হ’ব গাহৰিৰ মাংস

    ভাল খবৰ! এতিয়াৰ পৰা মোবাইল ভেনৰ জড়িতে উপলব্ধ হ’ব গাহৰিৰ মাংস

    গুৱাহাটী বাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা গুৱাহাটীত মোবাইল ভেনৰ জড়িতে উপলব্ধ হ’ব গাহৰিৰ মাংস। বিজ্ঞানসন্মত পদ্ধতিৰে গ্ৰাহকে পাব সতেজ আৰু হাইজিন মাংস।

    প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত Pork on wheels ব্যৱস্থা কৰা হৈছে। ৮ খন বিশেষ বাহনেৰে যোগান ধৰা হ’ব থলুৱা গাহৰিৰ মাংস।

    Duarah’s Bacon ৰ প্ৰচেষ্টাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। Duarah’s Bacon ৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই। লগতে অনুষ্ঠানত উপস্থিত থাকে জি এম চি আয়ুক্ত দেবাশিষ শৰ্মা ।

    এই বাহন কেইখনে স্বাস্থ্যসন্মত গাহৰি মাংস লৈ আজিৰে পৰা ঘূৰিব গুৱাহাটীৰ বিভিন্ন স্থানত। গ্ৰাহকৰ ভাল সহাৰি পালে ঘৰে ঘৰে মাংস যোগান ধৰাৰ ব্যৱস্থা কৰাৰো সম্ভাৱনা।

    আৰু পঢ়ক : মাজুলী দুৰ্ঘটনা- অভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং