ভাৰত-নিউজিলেণ্ড টি-২০ মেচৰ বাবে BCCI পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰিক্ষীত দত্তক

0
1208
ফটো উৎস : টুইটাৰ

অহা ২৭ জানুৱাৰিত ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাই পৰীক্ষিত দত্তক বি চি চি আইৰ মেচ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, পৰীক্ষিত দত্ত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি আৰু বৰ্তমানৰ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতিৰ দায়িত্বত আছে।

বিশিষ্ট ক্ৰিকেট প্ৰশাসক হিচাপে পৰিচিত পৰীক্ষিত দত্তই গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা সফলতাৰে পালন কৰি আহিছে।

ইয়াৰ উপৰি, অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি হিচাপে তেওঁৰ সফল কাৰ্যকালৰ সময়ত সমগ্ৰ অসমতে ক্ৰিকেটৰ আন্তঃগাঁথনি শক্তিশালীৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন প্ৰকল্প সম্পন্ন কৰাত তেওঁ যথেষ্ট অৰিহনা যোগাইছিল।