26 C
Guwahati
Thursday, June 30, 2022
More

    কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ টিভি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পল্লৱীৰ মৃতদেহ, সকলো আচৰিত

    কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ টিভি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পল্লৱীৰ মৃতদেহ, সকলো আচৰিত

    কোনোদিনে কাৰোৰে সৈতে কোনো ধৰণৰ মতানৈক্য নথকা, সদায়ে হাঁহি মুখে থকা পল্লৱী ডেৰ মৃতদেহ উদ্ধাৰক লৈ সকলো আচৰিত হৈ পৰিছে। আজি পল্লৱীৰ নিজৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।

    পল্লৱী ডে বঙালী টিভি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল। বঙালী টেলিভিছন পৰ্দাৰ সবাতোকৈ জনপ্ৰিয় ধাৰাবাহিত ‘মন মানে না’ (Mon Mane Na)ত মূখ্য চৰিত্ৰত কাম কৰি আছিল।

    আজি কলিকতা স্থিত নিজা বাসভৱনৰ কোঠাত ফেনত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে পল্লৱীক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয়। যদিও হাস্পতালত মৃত ঘোষণা কৰে পল্লৱীক।

    আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত এয়া আত্মহত্যা বুলিয়ে সদৰি কৰিছে। তথাপি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    লগতে পল্লৱীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰিছে কোনো অন্য তথ্য উলাই নেকি বুলি সন্দেহৰ আৱৰ্তত। পল্লৱীৰ হঠাতে এনে এক ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

    বঙালী টিভি জগতো পল্লৱীৰ মৃত্যুৰ খবৰে আচৰিত হৈ পৰিছে। তাতে আৰু বৰ্তমানে জনপ্ৰিয়তাৰ শিখৰত উঠাৰ সময়ত এন এক পদক্ষেপ লোৱাত আৰু অধিক আচৰিত হৈ পৰিছে সকলো।

    আৰু পঢ়ক :- এই প’ষ্টাৰখন দেখিও যদি আপুনি এৰা নাই গুটখা, তেন্তে নিশ্চয় পাব এই সাতটা পুৰস্কাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং