18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ আহক বগামাটিলৈ, চাওক ফটো

    বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি হৈ পৰিছে পৰ্যটন কেন্দ্ৰৰ মুখ্য আকৰ্ষণ। এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যই হাতবাউলি মাতে প্ৰকৃতিপ্ৰেমিক । প্ৰয়োজন মাথো চৰকাৰী পক্ষ তথা পৰ্যটন বিভাগৰ পৰিকল্পিত গুৰুত্বৰ।

    কভিডৰ ভয়াবহতাৰ মাজতে মৃতপ্ৰায় পৰ্যটন উদ্যোগটিক জীয়াই ৰাখিবলৈ চেষ্টা চলাইছে একাংশ পৰ্যটনৰ সৈতে জড়িত লোকে। ভাৰত ভূটান সীমান্তত নতুনকৈ গঢ় লব ধৰা পৰ্যটনস্থলী বগামাটীত বিভিন্ন দু সাহসিক ক্ৰীড়াৰে জনপ্ৰিয় কৰিবলৈ চেষ্টা চলাইছে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ অনুস্থানটোৱে।

    শেহতীয়াকৈ অসমৰ ভিতৰতে দীঘল Zipline মুঠ ৩৫০ মিটাৰ পৰ্যটকৰ বাবে মুকলি কৰি দিছে।
    চাওক সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে কিদৰে কৰা হৈছে জীপলাইন।
    একেদৰে দুসাহসিক নৌকাচালন ৰাফটিৰ মাদকতা লৈছে পৰ্যটকে। ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীত এনেদৰে পানীৰ প্ৰচণ্ড ধৌ আৰু সোতত আনন্দ লৈ বিমল আনন্দত মতলিয়া হৈ পৰে পৰ্যটকে। বৰনদীৰ প্ৰতিটো ঢৌত আনন্দৰ বন্যা নামি আহে । বৰনদীৰ মাটি, বৰনদীৰ প্ৰতিটো শিল বিলীন হৈ পৰিছে সৌন্দৰ্য্যৰ সতে ।কি যে এক সৌন্দৰ্য্যৰ মেলা!

    ২০১৫ চনৰপৰা দুসাহসিক পৰ্যটন আৰাম্ভ কৰি বগামাটিক অসমৰ পৰ্যটনক্ষেত্ৰৰ সৈতে সংযুক্ত কৰি ৰখা গ্ৰীণ ট্ৰেক এডভেঞ্চাৰে নৈশযাপনৰ অৰ্থাৎ কেম্পিঙৰ ব্যৱস্থাও কৰিছে বগামাটিত। কভিডৰ ভয়াবহতাৰ মাজতো লবলগা সাবধানতা অবলম্বন কৰি এনেদৰে অঞ্চলটোৰ প্ৰায় ১০ জনতকৈ অধিক যুৱক জড়িত হৈ কৰ্ম সংস্থাপনৰ চেষ্টা কৰা দেখা হৈছে। অসমৰ অতিকৈ জনপ্ৰিয় বনভোজথলি বগামাটিত এনেদৰে দু সাহসিক ক্ৰীড়াৰ আমেজ যদি আপুনি লব বিচাৰে তেন্তে অতি সোনকালে আহক বগামাটিলৈ ।

    photo credit : @abhijittalukdar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং