21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ডিঙিত গণেশৰ লকেট পিন্ধি টুইটাৰত অৰ্ধনগ্ন ফটো আপলোড কৰিলে পপ কণ্ঠশিল্পী ৰিহানাই

    ট্ৰেণ্ডিঙত ৰিহানা। শেহতীয়াকৈ দেশত হৈ থকা কৃষক বিদ্ৰোহ সম্পৰ্কত টুইট কৰিছিল ৰিহানাই

    ইয়াৰ পাছতে টুইটাৰত ৰিহানাৰ প্ৰত্যুত্তৰৰ জোৱাৰ উঠিছিল। বহু লোকে ৰিহানাই ভাৰতৰ কথাত মাত দিয়াক বিতৰ্কৰো সৃষ্টি কৰিছিল।

    কিন্তু এইবাৰ ৰিহানাই এখন ফটোৰে পুনৰ সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ এক অন্তৰ্বাস কোম্পানীৰ এটা ফটোশ্বুটৰ ফটোৱে সকলোৰে দৃষ্টি নিৱদ্ধ কৰিছে।

    ডিঙিত গণেশৰ লকেট থকা এডাল চেইন পিন্ধি টপলেছ ফটো আপলোড কৰিলে ৰিহানাই।

    ইয়াৰ পাছতে পুনৰ গৰজি উঠিছে দেশবাসী। এই লকেটে হিন্দু ধৰ্মৰ ভাৱনাত আঘাট দিছে বুলিও কমেণ্ট কৰে।

    “আমাৰ সংস্কৃতি এনেদৰেই সজাই পিন্ধা এক নান্দনিক বস্তু নহয়। “

    “ৰিহানা আপুনি এই কাৰ্য অপমানস্বৰূপ আৰু গ্ৰহণযোগ্য নহয়। আপোনাৰ এই কাৰ্য নিন্দনীয়।” ৰিহানাৰ অনুৰাগীসকলে এই কাৰ্যত ক্ষোভিত হৈ ঋণাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

    আৰু পঢ়ক : বাংলাদেশত উদযাপন হিন্দু সম্প্ৰদায়ৰ অন্যতম ধর্মীয় উৎসৱ সৰস্বতী পূজা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং