26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আন্তঃৰাষ্ট্ৰীয় পৰ্যালয়লৈ এইবাৰ কৃষক আন্দোলন, সমৰ্থনত ৰিহানা-মিয়া খালিফা-গ্ৰেটা থুনবাৰ্গ

    কৃষক আন্দোলনৰ নতুন ঢৌ। এইবাৰ কৃষকৰ সমৰ্থনত আগবাঢ়ি আহি মাত মাতিছে পশ্চিমীয়া সংগীত শিল্পী ৰিহানা, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কৰ্মী তথা ২০২১ৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰা গ্ৰেটা থুনবাৰ্গ আৰু মিয়া খালিফা।

    এফালে দিল্লীৰ সীমান্ত বেৰিকেডৰ লগতে পথৰ ওপৰত গজাল পুতি বাধা দি থৈছে। ২৬ জানুৱাৰীৰ লাল কিল্লাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে কিছু শাম কাটিছিল কৃষক আন্দোলনেষ কিন্তু ইয়াৰ পিছতে ২৮ জানুৱাৰী তাৰিখে পুনৰ প্ৰাণ পাই উঠে কৃষক আন্দোলনে।

    মনোবল অধিক বান্ধি এইবাৰ পূৰ্বতকৈ তীব্ৰতৰ কৰি তুলিছে আন্দোলন। এই আন্দোল সম্ভৱত অহা অক্টোবৰ মাহলৈ চলাৰ যো-জা। কিয়নো উত্তৰ প্ৰদেশৰ পৰা আৰু হাজাৰ হাজাৰ নতুন কৃষক মিলিত হৈছে আন্দোলনত। তাতে আৰু এইবাৰ ২০২১-২২ৰ সাধাৰণ বাজেটক কৃষক সকলৰ বাবে কোনো বিশেষ কথা উল্লেখ নকৰাত আৰু যেন জাগি উঠিছে কৃষক।

    কিন্তু ইয়াৰ বিপৰীতে আকৌ কিছুমান তাৰকাই চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কৃষক আন্দোলনক সমৰ্থন দিয়ৰ সলনি কেন্দ্ৰীয় চৰকাৰে হেনো সকলো ঠিকেই কৰিছে । কৃষক সকলৰ হিতৰ কাৰণেই হেনো এই আইন। সেয়ে কৃষক আইন সন্দৰ্ভত কেন্দ্ৰক সমৰ্থন জনাইছে কেইহৰাকী মান বলীউডৰ তাৰকাই।

    ইয়াৰ ভিতৰত উল্লেখ যোগ্য অজয় দেৱগণ, সুনিল ছেট্টী, অক্ষয় কুমাৰ, কৰণ জোহৰ আদি। কেউজন অভিনেতাই টুইটাৰ একাউণ্টৰ জৰিয়তে নিজৰ টুইট সদৰি কৰি এইবিষয়ে জানিবলৈ দিছে।

    আৰু পঢ়ক : চেনিকলত দিন দুপৰতে চোৰৰ সন্ত্ৰাসঃ চোৰৰ পাছে পাছে সাংবাদিকৰ কেমেৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং