18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজনীতিবিদ হিচাপে নহয় সমাজকৰ্মী হিচাপে পথ মেৰামতি কৰিলে জীৱন চুতীয়াই

    “সুচল পথ সুচল যাতায়ত” শ্লোগানেৰে কংগ্ৰেছৰ দখলত থকা সৰুপথাৰ সমষ্টিত ব্যক্তিগত খৰচত পথ মেৰামতি কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে সৰুপথাৰ সমষ্টিৰ বিজেপি নেতা তথা সমাজকৰ্মী জীৱন চুতীয়াই ৷

    উল্লেখযোগ্য যে, সমষ্টিটোৰ অনুন্নত যাতায়ত ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোৰ অন্তৰ্গত ৩২ টা “পঞ্চায়তৰ ৩২ টা অতি জৰাজীৰ্ণ পথ মেৰামতিৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল সমাজকৰ্মী জনে ৷

    ইতিমধ্যে, বৰপথাৰ, সৰুপথাৰ আৰু উৰিয়ামঘাট, মৰঙি মণ্ডলৰ অন্তৰ্গত পঞ্চায়তৰ কেইবাটাও পথ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত চেণ্ডগ্ৰেভেল, জেচিবি ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে সমাজকৰ্মী জীৱন চুতীয়াই ৷

    বৃহস্পতিবাৰে পূৱ বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভজান- দপথাৰ সংযোগী পথটোত কেইবাগাড়ী চেণ্ডগ্ৰেভেল পেলাই জেচিবিৰ সহায়ত পথকেইটা মেৰামতি কৰি ৰাইজক যাতায়ত বাবে সুবিধা কৰি দিয়ে ৷

    এগৰাকী বিধায়িকা থকাৰ পিচতো বিগত পাঁচটা বছৰে যাতায়তৰ ক্ষেত্ৰত দূৰ্ভোগ ভূগিবলগীয়া হৈছিল ৷ তেনেক্ষেত্ৰত সমাজকৰ্মী জীৱন চুতীয়াই দেখুৱা মহানুভৱতাক সকলোৱে একেমুখে শলাগ লৈছে ৷

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা- ৰাজপথতে সামগ্ৰী ভৰ্তি বাহন উলটি পৰিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং