26 C
Guwahati
Friday, September 17, 2021
More

    ‘মই আপোনাৰ বাবে সকলো কাপোৰ খুলি পেলাম’ কেপচন সৈতে পুনম পাণ্ডেৰ ব্যক্তিগত ফোন নম্বৰ ভাইৰেল কৰি দিছিল ৰাজ কুন্দ্ৰাই

    ‘মই আপোনাৰ বাবে সকলো কাপোৰ খুলি পেলাম’ কেপচন সৈতে পুনম পাণ্ডেৰ ব্যক্তিগত ফোন নম্বৰ ভাইৰেল কৰি দিছিল ৰাজ কুন্দ্ৰাই

    পুনৰ পাণ্ডেৰ অভিযোগ- ৰাজ কুন্দ্ৰাই হেনো পুনমৰ ব্যক্তিগত ফোন নম্বৰ ভাইৰেল কৰি দিছিল লগতে লিখি দিছিল, ‘মই আপোনাৰ বাবে সকলো কাপোৰ খুলি পেলাম, কেৱল মাত্ৰ মোক এইটো নম্বৰত ফোন কৰক’ । যাৰ পাছৰে পৰা গোপনে পলাই ফুৰিবলৈ বাধ্য হৈছিল পুনম।

    পৰ্ণ চিনেমা বনোৱা আৰু সেয়া আপলোড কৰাৰ অভিযোগত আটক হোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন মডেল পুনম পাণ্ডেৰ। অভিযোগ কৰি কয় যে, ২০১৯ চনত ৰাজ কুন্দ্ৰাৰ সৈতে থকা কোনো এক চুক্তি অমান্য কৰাৰ শাস্তি হিচাপে ব্যক্তিগত ফোন নম্বৰ ভাইৰেল কৰি দিছিল পুনমৰ।

    পুনমৰ অজ্ঞাতেই এই কাম কৰিছিল ৰাজ কুন্দ্ৰায়ে। ব্যক্তিগত ফোন নম্বৰৰ লগতে ফটো আৰু অশালীন কেপচন দি দিছিল। যাৰ পিছৰে পৰা বহু ফোন আৰু মেছেজ পাইছেল পুনমে। পিছলৈ ভয়তে ঘৰৰ পৰা আঁতৰত কেইবামাহ ধৰি গোপনে বাস কৰিবলৈ বাধ্য হৈছিল পুনম।

    বৰ্তমানে পুনমে যিদৰে সকলোৰে সমুখলৈ ওলাই আহি নিজৰ লগত সংঘটিত হোৱা ঘটনা ব্যক্ত কৰিছে, তেনেদৰে অন্য সকলকো ৰাজ কুন্দ্ৰাই তেওঁলোকৰ সৈতে কৰা কামৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ আহ্বান, তেহে উচিত শাস্তি পাব কুন্দ্ৰায়ে।

    আৰু পঢ়ক : গুৱাহাটীৰ ৰাজপথত এগৰাকী বিধৱা মহিলাক বিবস্ত্ৰ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং