লাইভ মেচৰ সময়তে অসুস্থ হৈ পৰিল ৰিকি পণ্টিং; ততাতয়াকৈ লৈ যোৱা হ’ল হাস্পতাললৈ

0
256

পাৰ্থত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ সময়তে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰিকি পণ্টিং হঠাত অসুস্থ হৈ পৰে। লগে লগে একাংশ লোকৰ সহায়ত তেওঁক পাৰ্থৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

টেষ্টৰ তৃতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ৰিকি পণ্টিঙে হৃদজনিত কিছু সমস্যাৰ অনুভৱ কৰিছিল।

পণ্টিঙে চেনেল চেভেনৰ বাবে কমেণ্টৰী কৰি আছিল। হাস্পতাললৈ যোৱাৰ পিছত তেওঁ পুনৰ ধাৰাভাষ্যৰ বাবে ষ্টেডিয়ামলৈ উভটি নাহিল।

অষ্ট্ৰেলিয়াৰ ডেইলী টেলিগ্ৰাফ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি পণ্টিঙৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। মেচ চলি থকাৰ সময়ত তেওঁ অসুস্থ অনুভৱ কৰিছিল আৰু সেয়েহে তেওঁ সতৰ্কতামূলক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

পাৰ্থত চলি থকা অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজ টেষ্টৰ চতুৰ্থ দিনটোত পণ্টিং কমেণ্টৰীৰ বাবে উপলব্ধ হ’ব নে নহয় সেয়া এতিয়াও নিশ্চিত কৰা নাই চেনেল চেভেনে।