মাণি ৰত্নমৰ ছবিয়ে গঢ়িলে অভিলেষ! মুক্তিৰ প্ৰথম দিনাই অতিক্ৰম কৰিলে ১০০ কোটিৰ ঘৰ

0
925

মাণি ৰত্নমৰ ছবিয়ে গঢ়িলে অভিলেষ! মুক্তিৰ প্ৰথম দিনাই অতিক্ৰম কৰিলে ১০০ কোটিৰ ঘৰ

শুকুবাৰে ছবিগৃহলৈ আহিল মাণি ৰত্নমৰ বিগ বাজেটৰ ছবি পন্নিয়িন চেলভন ১। জানিব পৰা মতে তামিল চলচ্চিত্ৰ পনিয়িন চেলভানে হিন্দী ভাষাত ভাল ব্যৱসায় কৰিছে।

ছবিগৃহলৈ অহাৰ প্ৰথম দিনাই সমগ্ৰ দেশতে ৮০ কোটিত কৈও অধিক উপাৰ্জন কৰিছে। প্ৰথম দিনাৰ উপাৰ্জন দেখি বক্স অফিচত সপ্তাহটোতো একেধৰণৰ ফলাফল আশা কৰা হৈছে।


তামিল ছবি পন্নিয়িন চেলভানে হিন্দীতো ভাল ব্যৱসায় কৰিছে কিয়নো ই হিন্দী ভাষাত ১.৭৫-২ কোটিৰ মুঠ উপাৰ্জন কৰিছে ।

ছবিখনে তেওঁলোকৰ নিজা চহৰ তামিলনাডুটো যথেষ্ট ভাল উপাৰ্জন কৰিছে। ছবিখন দুটা ভাগৰ এখন বিগ বাজেটৰ ছবি।

এটা সুন্দৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে যিখন ৰাজকুমাৰ অৰুণ মোজি বৰ্মনৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত।

যি পিছলৈ মহান ৰজা চোজন হিচাপে পৰিচিত হৈছিল।মাণি ৰত্নমে তেওঁৰ এই সপোনৰ প্ৰকল্পটোত ডাঙৰ ডাঙৰ তাৰকা কলাকুশলী ৰাখিছে।

চলচ্চিত্ৰখনত অভিনেতা বিক্ৰম, ঐশ্বৰ্য ৰায়, তৃষা, কাৰ্তি, জয়ম ৰবি, জয়ৰাম, পাৰ্থীবান, লাল, বিক্ৰম প্ৰভু, জয়ৰাম, প্ৰভু আৰু প্ৰকাশ ৰাজৰ লগতে অন্যান্য বহুলোকে অভিনয় কৰিছে।ছবিখন দেশৰ এতিয়ালৈকে নিৰ্মাণ হোৱা আটাইতকৈ ব্যয়বহুল ছবিৰ ভিতৰত এখন বুলি ধৰা হৈছে।