
আই পি এল-২০২৩ আৰম্ভ হোৱাৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ দলে কাইৰন পোলাৰ্ডক দলে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে। আই পি এলৰ পৰা অৱসৰ লোৱা পোলাৰ্ড আগন্তুক ছিজনৰ বাবে দলত প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব।
ইয়াৰ উপৰি মুম্বাই ফ্ৰেঞ্চাইজিয়ে পোলাৰ্ডক এটা দলৰ অধিনায়কৰ দায়িত্বও অৰ্পণ কৰিছে। কেৱল এয়াই নহয়, মুম্বাইৰ ফ্ৰেঞ্চাইজিয়ে আফগানিস্তানৰ স্পিনাৰ ৰাছিদ খানকো ডাঙৰ দায়িত্ব প্ৰদান কৰিছে।
উল্লেখ্য যে, মুম্বাই ফ্ৰেঞ্চাইজিয়ে ইউ এ ই টি-২০ লীগ আৰু দক্ষিণ আফ্ৰিকাৰ আগন্তুক টি-২০ লীগৰ দল ক্ৰয় কৰিছে। এই লীগসমূহত পোলাৰ্ড আৰু ৰাছিদ মুম্বাই ফ্ৰেঞ্চাইজিৰ অংশ।
শুকুৰবাৰে মুম্বাই ফ্ৰেঞ্চাইজিয়ে এক বিবৃতিত কয় যে পোলাৰ্ডক ইউ এ ই টি-২০ লীগৰ দল এম আই এমিৰেটছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
২০১০ চনৰ পৰা মুম্বাই ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত পোলাৰ্ডে আই পি এলৰ পৰা অৱসৰ লোৱাৰ পিছতে এই দায়িত্ব লাভ কৰে।
ইফালে আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলা ৰাছিদক দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগত মুম্বাই ফ্ৰেঞ্চাইজিয়ে ড্ৰাফটত ক্ৰয় কৰিছিল আৰু তেওঁক এম আই কেপ টাউন দলৰ অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰে।
উল্লেখ্য যে মুম্বাই ফ্ৰেঞ্চাইজিয়ে আই পি এলৰ দৰে দক্ষিণ আফ্ৰিকা আৰু ইউ এ ইৰ লীগতো একেই সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আই পি এলত সৰ্বাধিকবাৰ বিজয়ীৰ খিতাপ লাভ কৰা দল হৈছে মুম্বাই ইণ্ডিয়ানছ।