26 C
Guwahati
Thursday, September 16, 2021
More

    পিযুষ-অখিল : উপ-নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ অসম ভৱনত সৌজন্নমূলক মিলন নে ভিতৰুৱা অংক!

    পিযুষ-অখিল : উপ-নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ অসম ভৱনত সৌজন্নমূলক মিলন নে ভিতৰুৱা অংক!

    ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ অসম ভৱনৰ ৰুম নং-১০২ৰ পৰা অহা শেহতীয়া খবৰে চৰ্চা লাভ কৰিছে অসমৰ ৰাজনীতিত।

    অসমৰ ৰাজনীতিত চৰ্চা লাভ কৰা বিষয়টো হৈছে দিল্লীৰ অসম ভৱনত মিলিত হৈছে অসম চৰকাৰৰ মন্ত্ৰী তথা মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ পিযুষ হাজৰিকা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

    যি পিযুষ হাজৰিকাই বিধানসভাৰ ভিতৰে বাহিৰে সততে অখিল গগৈৰ প্ৰতি আক্ৰমণাত্মক হৈ থাকে আৰু অখিল গগৈয়ো পিযুষ হাজৰিকাক তীক্ষ্ণ সমালোচনা কৰি থাকে সেই সময়ত অখিল গগৈ আৰু পিযুষ হাজৰিকাই দিল্লীত মিলিত হোৱাত এতিয়া সকলোৱে ৰহস্যৰ গোন্ধ পাইছে।

    অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা আৰু অখিল গগৈ দুয়ো গৰাকী নেতাই অৱশ্যে ইয়াক বন্ধুত্বপূৰ্ণ আৰু সৌজন্যমূলক আখ্যা দিছে।

    দুয়োগৰাকী নেতাই দিল্লীলৈ আহি অসম ভৱনত বাহৰ পতা বাবেই সৌজন্যতাৰ খাতিৰত মিলিত হৈছে বুলি সদৰী কৰিলেও সৌজন্যমূলক কথা-বতৰাত এতিয়া সকলোৱে ৰহস্যৰ গোন্ধ পাইছে।

    আশংকা কৰা হৈছে সৌজন্যমূলক বাৰ্তালাপত ওলাইছে উপ-নিৰ্বাচনৰ প্ৰসংগও।

    উজনি অসমৰ থাওৰা আৰু মৰিয়নী সমষ্টিৰ বাবে হয়টো কিছু বুজাপৰাও হ’ব পাৰে এই বেনামী বাৰ্তালাপত।

    বিগত বিধানসভা নিৰ্বাচনত কাৰাগাৰত থাকি প্ৰতিদ্বন্দ্বিতা কৰা অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বিধানসভাৰ মজিয়াতো বিজেপিৰ বিৰুদ্ধে সমালচনামুখৰ হৈ আছিল।

    বিধানসভা নিৰ্বাচনৰ পাছত কিছু সংখ্যক বিধায়কে নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত এতিয়া উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। লগতে দুজন বিধায়কৰ মৃত্যুও হৈছে।

    বিধানসভাৰ পূৰ্বে লিখিত ৰূপত মহাজোঁটত অংশীদ্বাৰ নোহোৱা অখিল গগৈ এতিয়া বাৰে বাৰে কংগ্ৰেছৰ ওচৰ চাপিব বিচাৰিছে যদিও কংগ্ৰেছে গুৰুত্ব দিয়া নাই অখিল গগৈক।

    এআইয়ুডিএফেও অখিল গগৈক আক্ৰমণ কৰি আছে। অখিল গগৈৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু কোটি টকা এআইয়ুডিএফৰ পৰা বিচৰা বুলিও অভিযোগ উঠিছে।

    এই সময়ত সকলো ঘাটতে পানী খাবলৈ বিচাৰি ব্যৰ্থ হোৱা অখিল গগৈয়ে নিৰ্বাচনী অংকৰ খাতিৰত বিজেপিৰ সৈতে আভ্যন্তৰীণ বুজাপৰা কৰিব বিচাৰিছে নেকি!

    অৱশ্যে অখিল গগৈয়ে তেওঁ কেতিয়াও নিজৰ মতাদৰ্শ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে।

    অখিল গগৈয়ে যিমানে যি নকলেও ৰাজনীতিৰ খবৰ ৰখা সকলে ৰহস্যৰ গোন্ধ পাবই যেতিয়া চিৰ প্ৰতিদ্বন্দ্বি এগৰাকী নেতাৰ লগত একেলগে এটা কোঠাত দীৰ্ঘ সময় কথা-বাৰ্তা চলে।

    ৰাজ্যত বানপানীৰ তাণ্ডৱ অব্যাহত থকা সময়ত ৰাইজৰ নেতাগৰাকীয়ে জাতীয় সমস্যাক পাছপেলাই দিল্লীত ৰাজনৈতিক সমীকৰণত ব্যস্ত।

    ৰাজনৈতিক নীতি-নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ সৈতেও তেওঁ আলোচনাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

    প্ৰশান্ত কিশোৰ বৰ্তমান বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ মূল নেতৃত্বত।

    প্ৰশান্ত কিশোৰৰ সৈতে বৈঠকৰ পাছতে পিযুষ হাজৰিকাৰ সৈতে কথা-বাৰ্তা।

    উপ-নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ আৰু পিযুষ হাজৰিকাই মিলিত হোৱাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ৰাজনীতিৰ বাহিৰত দুয়োগৰাকীয়ে কোৱাৰ দৰে এয়া সচাকৈয়ে সৌজন্যমূলক মিলন নে ভিতৰুৱা অংক সেয়া সময়ত স্পষ্ট হ’ব।

    অৱশ্যে এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলে বহু পূৰ্বৰে পৰা অখিল গগৈয়ে বিজেপিৰ বি-টীম হিচাপে কংগ্ৰেছ ভোটৰ বিভাজন কৰি দলটোক সহায় কৰি আহিছে অভিযোগ উত্থাপন কৰি আহিছিল।

    হয়টো বদৰুদ্দিন আজমলৰ অভিযোগ সত্য হ’ব পাৰে নহ’লে দিল্লীৰ অসম ভৱনত দুই নেতাই সৌজন্যতাৰ খাতিৰত মিলিত হোৱা কথাটোৱে সত্য হ’ব।

    উল্লেখযোগ্য ভাৱে, দিল্লীৰ পৰা উভতি আহিয়ে মন্ত্ৰী পিযুষ হাজৰিকাই থাওৰা সমষ্টিৰ বান-গৰখহনীয়া সমস্যা পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত থাওৰা সমষ্টিত উপ-নিৰ্বাচনত বিজেপিয়ে জয়ী হ’ব বুলি উল্লেখ কৰাৰ লগতে আমি সকলো একেলগে আছো বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

    ( লেখক ভাস্কৰ কলিতা, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক : শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ নকৰিলে অসমীয়া বিৰোধী বঙালীত ৰাজপথত পিটা হ’ব: হুংকাৰ অসমীয়া যুৱ মঞ্চৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং