27 C
Guwahati
Saturday, September 18, 2021
More

    কি চলিছে দিল্লীত! সালসলনি ঘটিব নেকি অসমৰ ৰাজনীতিত, কালি গৈছে সৰ্বানন্দ আজি যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত….

    কি চলিছে দিল্লীত! সালসলনি ঘটিব নেকি অসমৰ ৰাজনীতিত, কালি গৈছে সৰ্বানন্দ আজি যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নে কেন্দ্ৰীয় কেবিনেটৰ দৃশ্যপট সলনি হোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী সৈতে আলোচনাত বহে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডল। চৰ্চাত আছে সৰ্বানন্দ সোণোৱালৰ নাম।

    ইফালে আকৌ অসমৰ কেইবাটাও বিধানসভা সমষ্টিত উপ-নিৰ্হবাচন হোৱাৰ দিশে। কিয়নো কভিডত দুজনকৈ বিধায়কে প্ৰাণ হেৰুৱাৰ বিপৰীতে বিধায়ক পদৰ পৰা পদত্যাগো কৰিছে বিধায়কে। যাৰ বাবে খালী হৈ থকা বিধায়ক পদৰ বাবেই অনুষ্ঠিত হব উপ-নিৰ্বাচন। পিছে এই উপ-নিৰ্বাচন অনুস্থিত হোৱাৰ সম্ভাৱনা থকা সমষ্টি কেইটাৰ তালিকাত নাম প্ৰৱেশ কৰিছে মাজুলীৰো।

    মাজুলীৰ বিধায়ক প্ৰাক্ৰন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পিছে তেখেতে নিজেই এবাৰ মন্তব্য কৰিছিল, মাজুলীৰ বিধায়ক হৈয়েই থাকিব তেওঁ। তেন্তে উপ-নিৰ্বাচনৰ নাম তালিকাত কিদৰে উচ্চাৰিত হৈছে মাজুলীৰ নাম। কেইবাগৰাকী বিজেপিৰ শীৰ্ষ নেতাই লৈছে মাজুলীৰ নাম।

    তেন্তে সচাকৈয়ে দৃশ্যপট সলনি হব নেকি কেবিনেটৰ। ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰাসাৰণ হব নে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হব সেয়া সন্দৰ্ভত অৱশ্যে কোনো কথা জানিব পৰা হোৱা নাই।

    পিছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল এক কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ সৈতে বৈঠক , বিয়লি ৪বজাৰ পৰা আৰম্ভ হোৱা ভাৰ্ছুৱেল বৈঠক নিশা ৯বজালৈ ৫ ঘণ্টাৰ এক দীৰ্ঘ সময় ধৰি চলে। এই বৈঠকতে মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰিছে বুলি সূত্ৰত প্ৰকাশ ।

    ইয়াৰ অন্যহাতে সেই উদ্দেশ্যেই নে অন্য কোনো উদ্দেশ্যেই আজি দিল্লীলৈ উৰা মাৰাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ। কাৰ আলোচনাত কি বিষয় আলোচিত হয়, সচাকৈয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈ সৰ্বানন্দ সোণোৱালে কোনো গুৰুত্বপূৰ্ণ স্থান পায় নে কি… সেয়া সময়ত হে পৰিলক্ষিত হব।

    আৰু পঢ়ক : বানপানীৰ সময়ত লওক সতৰ্কতা, সহায়ৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং