আৰক্ষীয়ে যৌন কৰ্মীসকলক ভৰ্ৎসনাৰ পৰিৱৰ্তে সন্মান সহকাৰে ব্যাৱহাৰ কৰিব লাগে : উচ্চতম ন্যায়ালয়

0
1187
ৰাজ্য চৰকাৰে এটা ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ক সংখ্যালঘু হিচাপে ঘোষণা
ফাইল ফটো

যৌন কৰ্মীসকলৰ প্ৰতি আৰক্ষীয়ে কৰা ব্যাৱহাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

আৰক্ষীয়ে যৌন কৰ্মীসকলক সন্মান সহকাৰে ব্যাৱহাৰ কৰিব লাগে তেওঁলোকক ভৰ্ৎসনা কৰিব নালাগে বুলি উচ্চতম ন্যায়ালয়ে নিজৰ মন্তব্যত কয়।

“আৰক্ষীয়ে যৌন কৰ্মীসকলক সন্মান সহকাৰে ব্যাৱহাৰ কৰিব লাগে, তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাব নালাগে,” উচ্চতম ন্যায়ালয়ে এইদৰে কয়।

দেশৰ সংবিধানে অন্যান্য নাগৰিক সকলক প্ৰদান কৰি অহা সকলো ধৰণৰ মানৱ অধিকাৰ যৌন কৰ্মীসকলক আৰু তেওঁলোকৰ সন্তান সকলকো প্ৰদান কৰিছে বুলি নিজৰ মন্তব্যত উচ্চতম ন্যায়ালয়ে কয়।

যৌন বৃত্তিৰ সৈতে লিপ্ত হৈ থকাৰ বাবেই আৰক্ষীয়ে বেয়া ব্যাৱহাৰ কৰাৰ ফলত যাতে যৌনকৰ্মীসকলে কোনোধৰণৰ হিংসাত্মক কাৰ্য্যকলাপ সৈতে জড়িত নহয় তাৰ প্ৰতি প্ৰশাসনে দৃষ্টি নিবদ্ধ কৰা উচিত বুলিও উচ্চতম ন্যায়ালয়ে লগতে কয়।

যৌনকৰ্মীক আৰক্ষীয়ে বেয়া ব্যাৱহাৰ কৰা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক গোচৰৰ শুনানিত ন্যায়ালচৰ বিচাৰপীঠে এইদৰে কয়।