24 C
Guwahati
Tuesday, September 27, 2022
More

    গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ; এজন লোকক আটক

    গভৰ্ণমেণ্ট ৰেইলৱে পুলিচে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত এজন লোকক আটক কৰে৷

    প্ৰাপ্ত খবৰ অনুসৰি আটাকাধীন লোকজন মণিপুৰৰ আৰু তেওঁ ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীলৈ যাত্ৰা কৰিছিল।

    আৰক্ষীয়ে জনোৱা মতে, লোকজনৰ পৰা নগদ ২৫ লাখ টকা উদ্ধাৰ কৰা হৈছে। অৱশ্যে আটক কৰা ব্যক্তিজনৰ নাম ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

    ইফালে, আটক কৰা ব্যক্তিজনে তেওঁ কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ নগদ ধনৰ সন্দৰ্ভত কোনো উপযুক্ত নথি-পত্ৰ দিব নোৱাৰা বাবেই ধনখিনি জব্দ কৰে।

    আৰক্ষীয়ে ধনখিনিৰ উৎসৰ বিষয়ে জানিবলৈ এই মুহূৰ্তত আটকাধীন লোকজনক সোধা-পোছা কৰি থকা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং