27 C
Guwahati
Friday, December 3, 2021
More

    সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ টিনৰ জুপুৰীৰ ঘৰত ৪৭ লাখ ৫০ হাজাৰ টকা জব্দ

    সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ টিনৰ জুপুৰীৰ ঘৰত ৪৭ লাখ ৫০ হাজাৰ টকা জব্দ

    সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ টিনৰ জুপুৰীৰ ঘৰত ৪৭ লাখ ৫০ হাজাৰ টকা জব্দ। আৰক্ষীয়ে তালাচী অভিযান চলাই এগৰাকী সাধাৰণ মাছ ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই টকা খিনি।

    এই বৃহৎ পৰিমাণৰ টকাখিনি দেখি অভিযানকাৰী দলো আচৰিত হৈ পৰে। । এই ঘটনা এইখন অসমৰে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু বজাৰৰ।

    সেই ঠাইৰ জগদীশ চৌহান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীৰ অভিযানত ৪৭ লাখ ৫০ হাজাৰ টকা জব্দ কৰে।

    লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু বজাৰৰ জগদীশ চৌহান নামৰ শুকান মাছৰ ব্যৱসায়ীজন ড্ৰাগছ আৰু অস্ত্ৰ- শস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহতে অভিযান চলায় আৰক্ষীয়ে।

    পিছে সেই সন্দেহতে অভিযান চলাই আৰক্ষীয়ে সাধাৰণ টিনৰ জুপুৰী ঘৰটোৰ পৰা উদ্ধাৰ কৰে ৪৭ লাখ ৫০ হাজাৰ টকা।

    পিছে ঘটনাৰ বিপৰীতে জগদীশ চৌহান নামৰ ৭০ উৰ্ধৰ ব্যক্তিজনে এই বৃহৎ পৰিমাণৰ ধন শুকান মাছৰ ব্যৱসায়েৰে উপাৰ্জন কৰা তথা সেই ধন ঘৰ বনাবলৈ জমা কৰি ৰখা বুলিহে মন্তব্য কৰে।

    ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে সংবাদমাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

    আৰু পঢ়ক : চাঞ্চল্য- ১৩ বছৰীয়া কিশোৰীৰ নদীত জাঁপ, সৌভাগ্যক্ৰমে প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ, অৱস্থা সংকটজনক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং