পাৰ্লাৰত হঠাতে উপস্থিত আৰক্ষী, তাৰ পাছত,যৎসামান্য কাপোৰ পিন্ধি থকাৰেই ধৰি নিলে…
এখন উভয় লিংগৰ বাবে সুবিধা থকা পাৰ্লাৰ। নাম থকা পাৰ্লাৰ। ছাল-চুলি-স্বাস্থ্যৰ বাবে ভাল কাম কৰে সেই পাৰ্লাৰ খনে। পাছে গোপন সূত্ৰে লাভ কৰা এক খবৰৰ পাছতে হঠাতে সেই পাৰ্লাৰ খনত উপস্থিত হয় আৰক্ষীৰ দল।
আৰক্ষীয়ে উপস্থিত হৈ তাৰ পৰা ধৰি আনে চাৰিগৰাকী লোক। তাৰেই ভিতৰৰ এগৰাকীক একেবাৰে যৎসামান্য কাপোৰ পিন্ধি থকাৰেই ধৰি নিয়ে আৰক্ষীয়ে। কিয়নো আৰক্ষীয়ে হেনো অশালীন অৱস্থাত হাতে লোতে ধৰা পেলাইছিল লোকগৰাকীক।
সেয়ে আৰু ৰৈ থকাৰ সময় নাই। যেনদৰে আছিল তেনেদৰেই ধৰি নিয়ে। এই ঘটনা বৰপেটা হাউলীৰ A ONE Unisex Pourler ৰ ঘটনা। আজি হঠাতে পাৰ্লাৰ খনত আৰক্ষীৰ অভিযান।
অভিযানত চাৰি যুৱক – যুৱতীক অশালীন অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। পাৰ্লাৰখনত দীৰ্ঘ দিন ধৰি পাৰ্লাৰৰ নামত চলাই আছিল দেহ ব্যৱসায়ৰ ৰমৰমীয়া বেহা। এই সন্দৰ্ভত বিভিন্নজনে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি অহিছিল পাৰ্লাৰ খনৰ বিৰুদ্ধে।
ইয়াৰ মাজতে আজি চক্ৰ আৰক্ষী বিষয়া চাণক্য দেউৰী আৰু হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই পাৰ্লাৰখনত।
আব্দুৰ ৰহিম ওৰফে ৰহিম বাদশ্বা নামৰ এগৰাকী লোকে চলাই আছিল এই ব্যৱসায়। কিন্তু প্ৰশ্ন হয় কাৰ সুবাদক হাউলী চহৰৰ মাজমজিয়াত ৰহিমে এই অবৈধ কাৰ্য চলাই আছিল।
Input and Photo- Jahir Abbash
আৰু পঢ়ক :- ভাইৰেল ভিডিঅ’, সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈছে ৰতন টাটাৰ এটা ভিডিঅ’…