কৰ্তব্যত গাফিলতি কৰি নিলম্বন হ’ল বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া

0
64

কৰ্তব্যত গাফিলতি কৰি নিলম্বন হ’ল বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া

চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে |

নিৰ্যাতিত মহিলাৰ পৰিৱৰ্তে আচামীৰ পক্ষ লোৱাৰ অভিযোগত নিলম্বন কৰা হ’ল বিষয়া গৰাকীক |

নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ নাম আফজাল হুছেইন বুলি জানিব পৰা গৈছে |

উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা চলিছিল |

তাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে বেংতল আৰক্ষী চকীত অভিযোগ দিছিল|

কিন্তু ভাৰপ্রাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে যি সকল লোকে মহিলা গৰাকীক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা চলিছিল সেই সকলৰ পক্ষ লৈ মহিলা গৰাকীক বিভিন্ন ভয় ভাবুকি দি সমগ্ৰ গোচৰটো উঠাই ল’বলৈ কৈছিল |

তাৰ পিছতে মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ কাষ চাপে | আৰু সংবাদ মাধ্যমত এই সমগ্ৰ বিষয়টো প্ৰচাৰ হোৱাৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰে |