
ৰাজ্যত পুনৰ ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই ভাইৰাছবিধৰ ফলত শিৱসাগৰ জিলাৰ ডিমৌৰ এজন আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰৰ নিবাসী গোলাপ চন্দ্ৰ ফুকনৰ পুত্ৰ মনোৰঞ্জন ফুকন ক’ভিডত আক্ৰান্ত হৈ শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।
আৰক্ষী বিষয়া মনোৰঞ্জন ফুকন কেইবা দিনো ধৰি জ্বৰত আক্ৰান্ত হৈ থকাৰ বাবে যোৱা ১৪ জুলাইত সোণাৰিৰ ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
ইয়াৰ পিছত পৰীক্ষাৰ অন্তত চিকিৎসকে আৰক্ষী বিষয়াজন ক’ভিড পজিটিভ বুলি নিশ্চিত কৰে।
ইয়াৰ পিছতে মনোৰঞ্জন ফুকনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড়ত আৰক্ষী বিষয়াজনৰ মৃত্যু হয়।
আজি মনোৰঞ্জন ফুকনৰ মৃতদেহ ডিমৌত ক’ভিড বিধি অনুসৰি সৎকাৰ কৰা হয়। মৃত্যুৰ সময়লৈকে সোণাৰী আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ফুকন চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশ আদালতত কৰ্মৰত হৈ আছিল।
ইনপুট : ইফটিকাৰ ৰহমান